নিউজ ডেস্ক, 3 জুনঃ পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ আকাশমাৰ্গত অঘটন ৷ ভাৰতীয় বায়ু সেনাৰ এখন বিমান সোমবাৰে উৰণৰ ঠিক এঘন্টাৰ পিচৰে পৰাই সন্ধানহীন হৈ আছে ৷ বায়ু সেনাৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷
তথ্য অনুসৰি, বায়ু সেনাৰ এখন এন্টনভ 32 (AN 32) বিমান সোমবাৰে দিনৰ 12:25 বজাত যোৰহাট বায়ু সেনা চাউনীৰ পৰা উৰা মাৰে ৷ 8গৰাকী বিমানকৰ্মী আৰু 5গৰাকী যাত্ৰী লৈ বিমানখনে অৰুণাচলৰ মেচুকা বিমান ঘাটিলৈ বুলি উৰা মাৰে ৷ দিনৰ 1 বজাত বিমানখনে এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ সৈতে শেষ যোগাযোগ সম্পন্ন কৰিছিল ৷ তাৰ পিচৰে পৰাই বিমানখন সন্ধানহীন হৈ আছে ৷