অসম

assam

ETV Bharat / state

River Dam on Brahmaputra: ব্ৰহ্মপুত্ৰত দ্বিতীয় সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ দিশে ভাৰত - NHPC

চীনক প্ৰতিৰোধৰ বাবে নদীবান্ধ নিৰ্মাণ কৰিবলৈ সাজু ভাৰত ! অৰুণাচল প্ৰদেশ য়িংকিঙত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া নদীবান্ধৰ প্ৰি-ফিজিবিলিটি প্ৰতিবেদন দাখিল (India ready to second largest river dam project on Brahmaputra) । অৰুণাচল প্ৰদেশৰ ইংকিঙত ১১ গিগাৱাটৰ প্ৰকল্প আপাৰ ছিয়াং বহুমুখী ষ্ট’ৰেজ নিৰ্মাণ কৰিব ভাৰতে ।

Brahmaputra
Brahmaputra

By

Published : Jan 20, 2023, 8:19 PM IST

তেজপুৰ, ২০ জানুৱাৰী : ভাৰতে চীনক প্ৰতিৰোধ কৰিবলৈ নদীবান্ধ নিৰ্মাণৰ বাবে সাজু হৈছে নেকি ? এই মুহূৰ্তত এই প্ৰশ্নটো উঠাৰ কাৰণ হৈছে চীনৰ নদীবান্ধৰ ওপৰত ভেটো হিচাবে ভাৰত চৰকাৰে বিগত বৰ্ষত অৰুণাচল প্ৰদেশৰ য়িংকিঙত দেশৰ দ্বিতীয় সৰ্ববৃহৎ নদীবান্ধৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল (India ready to second largest river dam project) । যদিও বৰ্তমানে ইয়াক কাৰ্যৰূপায়ণ কৰা হোৱা নাই, তথাপি এই বান্ধ নিৰ্মাণ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।

অৰুণাচলৰ য়িংকিঙত নিৰ্মাণ হ'ব নদীবান্ধ

অৱশ্যে বিষয়টো সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ চৰকাৰে বৰ্তমান কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই (river dam project on Brahmaputra in Arunachal) । জানিব পৰা মতে, ইতিমধ্যে ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমে (National Hydro Electric Power Corporation, NHPC) অৰুণাচল প্ৰদেশত নিৰ্মাণ হ'বলগীয়া ভাৰতৰ বৰ্তমানলৈকে দ্বিতীয় সৰ্ববৃহৎ হাইড্ৰেল শক্তি প্ৰকল্প ‘আপাৰ চিয়াং বহুমুখী সংৰক্ষণ’ৰ বাবে ভাৰতৰ কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণক প্ৰি-ফিজিবিলিটি প্ৰতিবেদন দাখিল কৰিছে । এইটো হ’ব ১১ গিগাৱাটৰ (GW) প্ৰকল্প । অৰুণাচল প্ৰদেশৰ ইংকিঙত আপাৰ ছিয়াং বহুমুখী ষ্ট’ৰেজ প্ৰকল্প নিৰ্মাণ কৰিব ।

জানিব পৰা মতে, এই বান্ধে চীনে ব্ৰহ্মপুত্ৰৰ উৎসত নিৰ্মাণ কৰা বান্ধৰ প্ৰতিৰোধ কৰিব পাৰিব (India counter attack on China river dam) । ইয়াৰ বিপৰীতে চীনে নিৰন্তৰভাৱে নদীবান্ধৰ নিৰ্মাণ কৰি আছে, তাৰে গিয়াটছ’ত ৩৬০ মেগাৱাটৰ বান্ধ আৰু জিএছুত ৫৬০ মেগাৱাটৰ বান্ধ নিৰ্মাণৰ কাম চলি আছে । আৰু তিনিটা বান্ধ– ডাগুত ৬৪০ মেগাৱাট, বায়ুত ৭১০ মেগাৱাট বান্ধ আৰু ঝংয়ুত ৮০০ মেগাৱাট বান্ধ নিৰ্মাণ পৰিকল্পনাৰ পৰ্যায়ত আছে । মন কৰিবলগীয়া যে মুঠ ৫০,০০০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ’বলগা প্ৰস্তাৱিত বান্ধটোৱে প্ৰায় ১০ বিলিয়ন কিউবিক মিটাৰ পানী জমা কৰিব পাৰিব ।

নদীবান্ধেৰে চীনক ভেটিবলৈ সাজু ভাৰত

ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰ নদীত চীনে নিৰ্মাণ কৰি থকা বৃহৎ বান্ধৰ পৰিকল্পনাক প্ৰতিৰোধ কৰিবলৈ এই বৃহৎ প্ৰকল্পটো গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে । উল্লেখ্য যে ২,৮৮০ কিঃমিঃ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ নদীখনে ভাৰতত ৯১৮ কিঃমিঃ অঞ্চল আৱৰি আছে । অৱশ্যে ব্ৰহ্মপুত্ৰ নদীত বৈ যোৱা পানীৰ ৭৫ শতাংশ ভাৰতৰ অৱবাহিকা (water reserver) অঞ্চলৰ পৰা আহে আৰু বাকী অংশ মৌচুমী ঋতুৰ পূৰ্বে তিব্বতৰ বৰফগলিত অঞ্চলৰ পৰা আহে । ব্ৰহ্মপুত্ৰত নদীৰ পানী সংৰক্ষণ বা পৰিৱৰ্তনৰ চীনৰ পদক্ষেপে ভাৰতৰ উত্তৰ-পূব অঞ্চল আৰু বাংলাদেশৰ পানী সুৰক্ষাক প্ৰত্যাহ্বান জনাব পাৰে বুলিও অনুমান কৰি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

সেয়েহে, জলবিদ্যুৎ উৎপাদনৰ উপৰি অৰুণাচল প্ৰদেশৰ য়িংকিঙত বান্ধ নিৰ্মাণে পানীৰ সুৰক্ষা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । কিয়নো বৰষুণৰ বতৰত পানী জমা কৰাৰ লগতে প্ৰয়োজনৰ সময়ত এৰি দিব পাৰিব । কেন্দ্ৰীয় চৰকাৰে অনুমান কৰিছে যে অৰুণাচলৰ ওপৰৰ অঞ্চলত বান্ধ নিৰ্মাণে বানপানীৰ প্ৰভাৱ আৰু চীনৰ বান্ধৰ পৰা মুকলি কৰা পানীৰ সামৰ্থ্য হ্ৰাস কৰিব । মন কৰিবলগীয়া যে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত সৰু-ডাঙৰ কেইবাটাও বান্ধ নিৰ্মাণ হৈছে । ইয়াৰ ভিতৰত পাহাৰীয়া ৰাজ্যখনৰ চৰকাৰে স্থানীয় লোকৰ বিক্ষোভৰো সন্মুখীন হৈছে । আনহাতে, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হোৱা বান্ধৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ মাজত বিগত সময়ছোৱাত বহুতো আন্দোলনৰ সন্মুখীন হ'বলগীয়া হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ দুয়োখন চৰকাৰে ।

ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয় সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰিব ভাৰতে

অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী তথা শক্তি মন্ত্ৰী চাউনা মেনৰ কাৰ্যালয়ৰ তথ্য মতে, এই বান্ধৰ বিষয়ে ৰাজ্যখনত ভূমি হস্তান্তৰ, বন বিভাগৰ অনুমতি আৰু ৰাইজৰ মাজত আলোচনা আৰু মত বিনিময়ৰ পাছতহে কাৰ্যত পৰিণত হ'ব বুলি জানিব দিয়ে । অৰুণাচল প্ৰদেশত বৰ্তমান দুটা জলবিদ্যুৎ প্ৰকল্পৰ কাম অসম্পূৰ্ণ হৈ আছে । কামেং ছেক্টৰত বিচোম আৰু টেঙা নদীৰ ওপৰত ৬০০ মেগাৱাটৰ আৰু নামনি সোৱণশিৰি ২০০০ মেগাৱাটৰ প্ৰকল্প বৰ্তমানো অসম্পূৰ্ণ । অৰুণাচল প্ৰদেশত বৰ্তমান দুটা জলবিদ্যুৎ প্ৰকল্পৰ কাম অসম্পূৰ্ণ হৈ আছে । কামেং ছেক্টৰত বিচোম আৰু টেঙানদীৰ ওপৰত ৬০০ মেগাৱাটৰ আৰু নামনি সোৱণশিৰি ২০০০ মেগাৱাটৰ প্ৰকল্প বৰ্তমানো অসম্পূৰ্ণ ।

বিশেষজ্ঞ ডঃ প্ৰাণজিত হাজৰিকাৰ মতে, চীনত নিৰ্মাণ হোৱা বান্ধৰ পৰা ভয়াৱহতাৰ মাজতে অৰুণাচল প্ৰদেশৰ য়িংকিঙত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰোধৰ বাবে পুনৰ ভাৰতবৰ্ষৰ দ্বিতীয় বৃহত্তম বান্ধ নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি কৰিছে । যিটো সময়ত নামনি সোৱণশিৰিৰ বান্ধৰ ফলত অসমৰ নামনি অংশত হ'বলগীয়া ভয়াৱহতাৰ আশংকাই সমগ্ৰ ৰাজ্যবাসীক জুমুৰি দি ধৰিছে । সেই সময়ত পুনৰ এই বৃহৎ বান্ধে যে আন এক অশনি সংকেত মাতি আনিব সি প্ৰায় নিশ্চিত হৈ পৰিছে । আনহাতে, তেওঁ কয় যে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ বান্ধৰ পৰিৱৰ্তে সৰু সৰু বান্ধ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে ।

এই ক্ষেত্ৰত তেওঁ চৰকাৰক বিবেচনা কৰিবলৈয়ো আহ্বান জনায় । উল্লেখ্য যে প্ৰায় দুটা বছৰ পূৰ্বে চীনৰ য়াৰলুং ছাংপ’ নদীৰ ওপৰত বান্ধ নিৰ্মাণৰ কোনো পৰিকল্পনা নিশ্চিত কৰাৰ পূর্বে চুবুৰীয়া দেশৰ স্বাৰ্থৰ কথাও বিবেচনা কৰিব বুলি চীনা বিষয়াই নতুন দিল্লীত যোৱা বছৰ এক তথ্যত সদৰী কৰিছিল । বিজ্ঞানসন্মত পৰিকল্পনা তথা নামনি অঞ্চলসমূহত পেলাব পৰা প্ৰভাৱৰ বিষয়টো সম্পূর্ণ বিবেচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি সেই তথ্যত প্ৰকাশ কৰিছিল । ব্ৰহ্মপুত্ৰ নদীত ৫০০ BCM (কোটি কোটি ঘনমিটাৰ) পানীৰ বিশাল পৰিমাণৰ পানী বৈ গৈছে । ইয়াৰে ৭৫%-তকৈ অধিক আমাৰ জলাশয় এলেকাৰ পৰা আহে । সেইবাবেই আমি ইয়াৰ দ্বাৰা বিশেষ প্ৰভাৱিত নহয় ।

কিন্তু বাৰিষাৰ পিছত খৰালি যেতিয়া নদীখনে বৰফগলা পানী পায়, তেতিয়া আমাৰ জলাশয় অঞ্চলত পানী নাথাকে । গতিকে যদি তেওঁলোকে বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণ কৰি পানীক অন্য দিশলৈ ঠেলি দিয়ে, তেন্তে ইয়াৰ প্ৰভাৱ অৰুণাচল প্ৰদেশৰ পৰা বাংলাদেশলৈকে পৰিব । ইয়াৰ পূৰ্বে তেওঁলোকে (চীনে) একো কৰা নাই বুলি কৈছিল । পিছত তেওঁলোকে কয় যে তেওঁলোকে 'ৰান অব দ্য ৰিভাৰ' জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে । আৰু এতিয়া প্ৰমাণ পোৱা গৈছে যে হয়তো তেওঁলোকে পানী স্থানান্তৰৰ কামো কৰিব পাৰে । অলপতে কেন্দ্ৰীয় চৰকাৰৰ জল বিভাগৰ মন্ত্ৰীয়ে এই বিষয়ে জানিবলৈ দিছিল । ব্ৰহ্মপুত্ৰ নদীৰ ২,৮৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভিতৰত ১,৬২৫ কিলোমিটাৰ তিব্বতত, ৯১৮ কিলোমিটাৰ ভাৰতত আৰু ৩৩৭ কিলোমিটাৰ বাংলাদেশত ।

মুঠ ৫ লাখ ৮০ হাজাৰ বৰ্গকিলোমিটাৰ জলাশয়ৰ ভিতৰত ৫০% তিব্বত, ৩৪% ভাৰতত আৰু বাকী অংশ বাংলাদেশ আৰু ভূটানত অৱস্থিত । এই জলবোমাসমূহৰ নিৰ্মাণৰ পিছত নামনি অংশত অৱস্থিত লোকৰ বাৰিষাকালত আৰু খৰালি দুটা পৃথক সমস্যাৰ সৃষ্টি হ'ব । প্ৰথম, অত্যধিক পানীৰ ফলত বানপানীৰ সৃষ্টি আৰু দ্বিতীয়তে পানীৰ অভাৱত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা লোকৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব । বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ প্ৰয়োজনতকৈ যথেষ্ট তলত আছে ।

লগতে পঢ়ক :Budget Session of parliament 2023 : নতুন সংসদ ভৱনতে হ'ব নেকি বাজেট অধিৱেশন ?

For All Latest Updates

ABOUT THE AUTHOR

...view details