অসম

assam

By

Published : Feb 9, 2022, 6:33 PM IST

ETV Bharat / state

Ramnath Kovind to visit Tezpur university: তেজপুৰলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি

তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ramnath Kovind to visit Tezpur university) ৷ ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ আহিবলগীয়া ৰামনাথ কোবিন্দে বিশ্ববিদ্যালয়খনৰ এক সমোৰোহত অংশগ্ৰহণ কৰিব ৷

Ramnath Kovind to visit Tezpur university
তেজপুৰলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি

তেজপুৰ, ৯ ফেব্ৰুৱাৰী: তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্পন কৰিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (Ramnath Kovind to visit Tezpur university)। ৰাষ্ট্ৰপতি ভৱনৰ পৰা এই কথা জনোৱা হৈছে ৷

শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে সংবাদ মাধ্যমক জনালে এই তথ্য ৷ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অহা 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা 19 সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিবলৈ আহিব দেশৰ ৰাষ্ট্ৰপতিগৰাকী (Convocation of Tezpur university) ।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত ৰামনাথ কোবিন্দে প্ৰথমটো ভ্ৰমণসূচী লৈ উত্তৰ-পূৰ্বাঞ্চলৰ তথা অসমলৈ আহিব । ৰাষ্ট্ৰপতি ভৱনৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা এই ভ্ৰমণৰ কাৰ্যসূচীৰ সবিশেষ পৰৱৰ্তী সময়ত জনাব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Smart cylinders in Dibrugarh: উত্তৰ-পূবৰ ভিতৰত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত মুকলি স্মাৰ্ট চিলিণ্ডাৰ

ABOUT THE AUTHOR

...view details