তেজপুৰ, ২৯ জুলাই :অশান্তজৰ্জ মণিপুৰলৈ ৰাওনা হৈছে ২০ জনীয়া ইণ্ডিয়া মিত্ৰজোঁটৰ এটা দল ৷ ইতিমধ্যে বিমানযোগে দলটোৱে আৰম্ভ কৰিছে যাত্ৰা । আজি অৰ্থাৎ শনিবাৰে বিয়লিৰ ভাগত এই দলটো উপস্থিত হ’ব মণিপুৰত ৷ শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, আজি নহয় দেওবাৰে ইণ্ডিয়া মিত্ৰজোঁটৰ এই দলটোক মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে সাক্ষাৎ কৰিব ৷ আজি আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰিব এই বিৰোধী দলটোৱে ।
তথ্য অনুসৰি, দুদিনীয়া ভ্ৰমণ সূচীৰে মণিপুৰলৈ যাত্ৰা কৰা এই বিৰোধীৰ প্ৰতিনিধি দলটোত আছে কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী, গৌৰৱ গগৈ, টিএমচিৰ সুস্মিতা দেৱ, জেএমএমৰ মহুয়া মাঝি, ডিএমকেৰ কানিমোঝি, এনচিপিৰ মহম্মদ ফাইজাল, আৰএলডিৰ জয়ন্ত চৌধুৰী, আৰজেডিৰ মনোজ কুমাৰ ঝা, আৰএছপিৰ এন কে প্ৰেমচন্দ্ৰন আৰু ভিচিকেৰ টি থিৰুমাভালভানকে ধৰি মুঠ ২০ গৰাকী সাংসদ ।
ইণ্ডিয়া মিত্ৰজোঁটৰ দল গঠন হোৱাৰ পিচত এই দলটোৱে প্ৰথম যাত্ৰা কৰিছে অশান্তজৰ্জ মণিপুৰলৈ । তেওঁলোকে আশ্ৰয় শিবিৰত থকা লোকক সাক্ষাৎ কৰাৰ লগতে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’ব । বিমানত উঠাৰ পূৰ্বে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে মণিপুৰৰ এই নৃশংস হত্যা বৰ্বৰতাৰ বাবে বিজেপি চৰকাৰ একমাত্ৰ দোষী ।