অসম

assam

ETV Bharat / state

Look back to 2022 : ভাৰত-চীন সীমান্তৰ উত্তেজনাপূৰ্ণ এটা বৰ্ষ ২০২২ - India China border situation in 2022

২০২২ চনত ভাৰত-চীন সীমান্তত দুয়োপক্ষৰ মাজত কেইবালানি বৈঠক অনুষ্ঠিত হৈছে (India China Corps Commander Level Meeting)। ৯ ডিচেম্বৰত চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰৰ ইয়াংচে অঞ্চলত এলএচি অতিক্ৰম কৰাৰ চেষ্টা কৰে । ভাৰতীয় বায়ুসেনাৰ বাবে চৰকাৰে নতুন শাখা 'Weapon Systems (WS) branch' গঠনৰ বাবে অনুমোদন জনাইছে ।

Look back to 2022
ভাৰত-চীন সীমান্তৰ উত্তেজনাপূৰ্ণ এটা বৰ্ষ ২০২২

By

Published : Dec 31, 2022, 9:30 PM IST

তেজপুৰ, ৩১ ডিচেম্বৰ : অৱশেষত বিশ্ববাসীয়ে ২০২২ চনক বিদায় দিবলৈ সাজু হৈছে । ২০২৩ চনক আদৰাৰ পূৰ্বে ২০২২ চনতো দেশবাসীৰ বাবে বিভিন্ন কাৰণত স্মৰণীয় হৈ ৰ'ব (New year celebration)। এই চনটোত বাৰু সীমান্তৰ পৰিৱেশ কেনেকুৱা আছিল ?

২০২২ চনত ভাৰতীয় সেনাই ভাৰত-চীন সীমান্তৰ এল এ চি'ত কেইবালানি সামৰিক আলোচনাত মিলিত হৈছে (Meeting in Indo China border)। সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত হোৱা এই আলোচনাৰ পৰা কূটনৈতিক আৰু সামৰিক প্ৰচেষ্টাত ছেপ্টেম্বৰ মাহত পি পি ১৫ (পূব লাডাখ) অঞ্চলৰ পৰা পি এল এ বাহিনীৰ সৈতে ফলপ্ৰসূ বিচ্ছিন্ন (disengagement) লাভ কৰা হয় । এই বিচ্ছিন্নতা ২০২১ চনৰ আগষ্ট মাহত 'গোগ্ৰা' অঞ্চলৰ পৰা প্ৰভাৱিত হোৱা পূৰ্বৰ এনে বিচ্ছিন্নতাৰ প্ৰায় এবছৰৰ পিছত সম্পন্ন কৰা হৈছিল ।

ভাৰত-চীন সীমান্তৰ উত্তেজনাপূৰ্ণ এটা বৰ্ষ ২০২২

এংগেজমেণ্ট ব্যৱস্থাৰ অংশ হিচাপে মুঠ ১৬ টা ৰাউণ্ডৰ কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠক (16th corps command round meeting) আৰু ১২ টা আনুষংগিক ৱৰ্কিং মেকানিজম ফৰ কনচালটেচন এণ্ড ক’অৰ্ডিনেচন বৈঠক (Mechanism for consultation and coordination meeting) আজিলৈকে অনুষ্ঠিত হৈছে আৰু পৰৱৰ্তী আলোচনাত পূব লাডাখৰ ভাৰসাম্য স্পৰ্শকাতৰ অঞ্চলত বিচ্ছিন্নতাৰ বিষয়ে আলোচনা কৰা হৈছে ।

২০২২ চনৰ ৯ ডিচেম্বৰত পিএলএৰ সৈন্যই অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰৰ ইয়াংচে অঞ্চলত এলএচি অতিক্ৰম কৰি একপক্ষীয়ভাৱে সংঘৰ্ষৰ আৰম্ভ কৰে (India China conflict in Tawang)। এই ঘটনা সন্দৰ্ভত সংসদত প্ৰতিৰক্ষা মন্ত্ৰীয়ে এক বিবৃতি প্ৰকাশ কৰে । তেওঁ দুয়োখন সদনক জনাইছে যে চীনৰ এই প্ৰচেষ্টাক ভাৰতীয় সৈন্যই দৃঢ়তাৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল । তাৰ পাছত মুখামুখি হোৱাৰ ফলত শাৰীৰিক আক্ৰমণৰ সৃষ্টি হয় য'ত ভাৰতীয় সেনাই সাহসেৰে পিএলএক ভাৰতৰ ভূখণ্ডত অতিক্ৰম কৰাত বাধা দিয়ে আৰু তেওঁলোকক নিজৰ স্থানলৈ ঘূৰি যাবলৈ বাধ্য কৰাইছিল । এই ঘটনাৰ ফলত দুয়োপক্ষৰ দুই এজন কৰ্মী আহত হয় ।

ভাৰত-চীন সীমান্তৰ উত্তেজনাপূৰ্ণ এটা বৰ্ষ ২০২২

তেওঁ দুয়োখন সদনক জনাইছে যে ভাৰতৰ ফালৰ পৰা কোনো লোকৰ মৃত্যু বা গুৰুতৰ হতাহত হোৱা নাই । ভাৰতীয় সামৰিক সেনাধ্যক্ষৰ সময়মতে হস্তক্ষেপৰ বাবে পিএলএৰ জোৱানসকল নিজৰ স্থানলৈ উভতি যায় । ঘটনাৰ অনুসৰণ হিচাপে অঞ্চলটোৰ স্থানীয় কমাণ্ডাৰে ১১ ডিচেম্বৰত সমকক্ষৰ সৈতে ফ্লেগ বৈঠক অনুষ্ঠিত কৰি প্ৰতিষ্ঠিত ব্যৱস্থা অনুসৰি বিষয়টো আলোচনা কৰে ।

চীন পক্ষক এনে কাৰ্যৰ পৰা বিৰত থাকি সীমান্তত শান্তি বজাই ৰাখিবলৈ কোৱা হয় । কূটনৈতিক মাধ্যমেৰেও চীন পক্ষৰ সৈতে এই বিষয়টো আলোচনা হোৱা বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় ।

ভাৰত-চীন সীমান্তৰ উত্তেজনাপূৰ্ণ এটা বৰ্ষ ২০২২

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত অৰুণাচলৰ দিবাং ভেলীত বাহৰ পাতি আছিল চীনা সৈন্যই ৷ অক্টোবৰ মাহত এই ঘটনা পোহৰলৈ আহিছিল ৷ ২০১৯ চনৰ ২২ জুলাইত পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যই ৷ টাৱাং জিলাৰ টাচৌ গাঁৱৰ হলি জলপ্ৰপাতৰ য়াংকিয়ন সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যৰ দলটোৱে ৷ কিন্তু শেহতীয়াকৈ একেটা স্থানতে পুনৰবাৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলায় ৷

এয়া প্ৰকৃততে কিহৰ ইংগিত ? পূৰ্বৰ দৰে চীনে ৰণনীতি সলনি কৰিব নেকি ? ২০১৮ চনত চীনা সৈন্যই ৩২৬ বাৰ, ২০১৭ চনত ৪২৬ বাৰ আৰু পূৰ্বে ২০১৬ চনত ২৭৩ বাৰ সীমা উলংঘন, সীমান্তত হতাহতিৰ ঘটনা সংঘটিত হৈছিল (India China conflict) ৷

ভাৰতীয় বায়ুসেনাৰ বাবে এক ঐতিহাসিক পদক্ষেপ হিচাপে চৰকাৰে নতুন শাখা 'Weapon Systems (WS) branch' গঠনৰ বাবে অনুমোদন জনাইছে (Weapon Systems branch of IAF)। ইয়াৰ বাবে সকলো স্থলভিত্তিক আৰু বিশেষজ্ঞ আকাশী অস্ত্ৰ ব্যৱস্থাৰ কাৰ্যকৰী নিয়োগৰ বাবে উৎসৰ্গিত এটা সত্তাৰ অধীনত সকলো অস্ত্ৰ ব্যৱস্থা পৰিচালকৰ একত্ৰীকৰণ হ'ব ।

ভাৰত-চীন সীমান্তৰ উত্তেজনাপূৰ্ণ এটা বৰ্ষ ২০২২

চলিত বৰ্ষত বায়ুসেনাৰ তেজপুৰত এক বিশেষ উন্নয়ন সাধন কৰা হয় । তেজপুৰ মিচামাৰীৰ বায়ুসেনা ঘাটিত প্ৰতিৰক্ষা বিভাগৰ স্বকীয়ভাৱে নিৰ্মাণ কৰা এটা ALH হেলিকপ্টাৰ ঘাটি স্থাপন কৰা হয় । এই হেলিকপ্টাৰৰ জৰিয়তে সীমান্তৰ অৰুণাচল প্ৰদেশৰ দূৰৱৰ্তী পাহাৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব বুলি প্ৰতিৰক্ষা বিভাগে জনাইছে । মিচামাৰীৰ বায়ুসেনা ঘাটিত 'আন মেন এৰিয়েল বিমান' (UAV)ৰো ব্যৱস্থা আছে ।

লগতে পঢ়ক :Controversial Comments 2022: ২০২২ বৰ্ষৰ কেইটামান বিতৰ্কিত মন্তব্য

ABOUT THE AUTHOR

...view details