তেজপুৰ, ২০ জুন :সোমবাৰৰ গালৱান কাণ্ডৰ পাছত উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত-চীন সীমান্তত অধিক সেনাবাহিনী মোতায়েন কৰি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷ ভাৰত চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে অৰুণাচল প্ৰদেশৰ পশ্চিম সমষ্টিৰ সাংসদ তথা প্ৰাক্তন বিজেপিৰ ৰাজ্যিক সভাপতি তাপীৰ গাঁৱৰে ।
সাংসদ গৰাকীয়ে ইটিভি ভাৰতক প্ৰদান কৰা তথ্য অনুসৰি,অৰুণাচল প্ৰদেশৰ সীমান্তত সেনাৰ মাত্ৰা বৃদ্ধি কৰা হৈছে । মেক-মোহন লাইনৰ কাষত ভাৰতীয় সেনাৰ ঘাটি পূৰ্বতকৈ মজবুত কৰি ৰখা হৈছে । এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে,অসমৰ দুটা বিমান ঘাটিত বায়ু সেনাবাহিনীৰ অত্যাধুনিক যুঁজাৰু হেলিকপ্টাৰ মজুত কৰি ৰাখিছে । বিগত দুটা দিনৰ ভিতৰতে তেজপুৰ আৰু উজনি অসমৰ বায়ুসেনা ঘাটিত অতিৰিক্ত সামগ্ৰী কঢ়িয়াই অনা হেলিকপ্টাৰো সাজু কৰি ৰখা বুলি জানিব পৰা গৈছে ৷ এই সমূহ জাহাজ যুদ্ধৰ সময়ত বা বিশেষ জৰুৰী সময়ত সেনা বাহিনীয়ে ব্যৱহাৰ কৰে ৷ বিশেষ সূত্ৰই এয়া এক দৈনন্দিন পৰিক্ৰমা বুলি কয় ।
লগতে পঢ়কঃচীন-ভাৰতৰ সংঘাতঃ ব্ৰিগেডিয়াৰ ৰঞ্জিৎ বৰঠাকুৰৰে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ
ভাৰত-চীন সীমান্তত উত্তৰ দিশৰ পৰা পশ্চিমে টাৱাং জিলালৈকে অৰুণাচল প্ৰদেশৰ মুঠ দৈঘ্য ৩,৪৮৮ কিলোমিটাৰ ৷ ১৯৩৮ চনত ছাৰ মেক মোহনে এডাল বিশেষ তাঁৰৰে ভাৰত-চীনৰ সীমা ৰেখা ধাৰণ কৰি দিছিল। অৰুণাচল প্ৰদেশৰ বুমলা আৰু পৰৱৰ্তী সময়ত উত্তৰে কিবেটুত এই সীমা দেখিবলৈ পোৱা যায় । কিন্তু বৰ্তমান সময়ত মেক মোহন লাইনৰ কাষত PLA আৰ্মীয়ে দৈনন্দিন পেট্ৰলিং কৰি আছে বুলি অৱগত কৰে সাংসদ গাঁৱই ।
উল্লেখযোগ্য যে,বায়ুসেনাৰ চীফ এয়াৰ মাৰ্চেল ভাদুৰীয়াই কয় যে,সীমান্তৰ যি কোনো পৰিস্থিতিৰ বাবে সাজু আছে বায়ু সেনা বাহিনী ৷ সোমবাৰৰ ঘটনাৰ পাছত প্ৰতি মুহুৰ্ততে সতৰ্ক হৈ আছে ভাৰতীয় সেনাবাহিনী। ইয়াৰ পৰিপ্ৰেক্ষিতত যিকোনো সময়তে স্থল সেনাক সহায় কৰিবৰ বাবে বায়ুসেনাই সীমান্তৰ কাষৰীয়া অঞ্চলত স্থিতি মজবুত কৰি ৰাখিছে । উত্তৰ পূৰ্বাঞ্চলৰ ঘাটিত ডিপ্লয়মেণ্ট হোৱা বিমানসমূহত সেনাবাহিনী সাজু হৈ থকাৰ লগতে খাদ্য সামগ্ৰী,গাড়ী আৰু বিভিন্ন সা-সঁজুলি যিকোনো সময়তে যোগান ধৰিব পৰাকৈ ৰখা হৈছে ।
উল্লেখ্য যে,২০১৭ চনত অৰুণাচল প্ৰদেশৰ আনযাও জিলাত চীনা সৈন্যই প্ৰৱেশ কৰি সীমান্তৰ কাষত দলং নিৰ্মাণ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত ভাৰতীয় সেনাই এই সমূহ ধ্বংস কৰি দিয়া বুলি জানিব পৰা গৈছে ৷
লগতে চাওকঃ মানচিত্ৰৰ পৰা বিলীন হোৱাৰ পথত ঐৰামঘাট