চতিয়া, ১৩ ডিচেম্বৰ :জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাথলীৰ ভূমি স্থায়ীভাৱে বাৰেচহৰীয়া ভাওনা (Baresahariya Bhaona at Jamugurihat) কমিটীলৈ হস্তান্তৰৰ কাম মঙলবাৰে সম্পূৰ্ণ হোৱাৰ পিচতেই বাৰেচহৰীয়া ভাওনাথলী পকামুৰ পথাৰৰ ভূমি উন্নয়ন কাৰ্যসূচীৰো শুভাৰম্ভ কৰা হয় ৷
মঙলবাৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ মাজত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বাৰেচহৰীয়া ভাওনা উদযাপনৰ বাবে চৰকাৰে স্থায়ীভাৱে পট্টাদাৰসকলৰ পৰা ক্ৰয় কৰা মুঠ ৫০ বিঘা মাটিৰ উন্নয়নৰ কাম নিজ হাতেৰে মাটি পেলাই শুভাৰম্ভ কৰে (Inauguration of Bareshaharia Bhaona Land Development Programme)৷
লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মাটিৰ পট্টাদাৰসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ আগন্তুক মাৰ্চ মাহত অনুষ্ঠিত হ’ব লগা ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাভাগ এইবেলি সৰ্বাংগসুন্দৰ কৰি তোলাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি চতিয়া সমষ্টিৰ বিধায়ক তথা বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকাই জানিব দিয়ে (Preparation of Bareshaharia Bhaona) ৷