ৰঙাপৰা,22 ডিচেম্বৰ:শোণিতপুৰৰ ৰঙাপৰাত আবকাৰী বিভাগৰ বৃহৎ সফলতা লাভ ৷ শেহতীয়াকৈ আবকাৰী বিভাগে এক অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ অবৈধভাৱে মজুত কৰি ৰখা সুৰাখিনি বিভাগটোৱে জব্দ কৰে যদিও ইয়াৰ লগত জড়িত ব্যৱসায়ী দুগৰাকীয়ে ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে ৷
ৰঙাপৰাত ডেৰ লক্ষাধিক মূল্যৰ অৰুণাচলী সুৰা জব্দ - ৰঙাপৰা
ৰঙাপৰাত আবকাৰী বিভাগৰ বৃহৎ সফলতা ৷ প্ৰায় ডেৰ লক্ষাধিক মূল্যৰ অৰুণাচলী সুৰা জব্দ ৷ অবৈধভাৱে মজুত কৰি ৰখা হৈছিল সুৰাখিনি ৷
![ৰঙাপৰাত ডেৰ লক্ষাধিক মূল্যৰ অৰুণাচলী সুৰা জব্দ illegal wine from arunachal seized at rangapara police assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9966010-thumbnail-3x2-a.jpg)
পূৰ্বৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত এনেদৰে অৰুণাচলী সুৰা অবৈধভাৱে চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ ৰঙাপৰাৰ আবকাৰী বিভাগৰ পৰিদৰ্শক নোমল চন্দ্ৰ ৰিছং আৰু উপ-পৰিদৰ্শক জয়ন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত যোৱা এটা দলে মঙলবাৰে গোপন সূত্ৰৰ পম খেদি এই অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত পানীপোটা নিবাসী সঞ্জীৱ বৰুৱাৰ বাসগৃহৰ লগতে লক্ৰা অঞ্চলৰ ৩নং বুঢ়াগাঁৱৰ এটি ভাৰাঘৰত ৰাকেশ মুখিয়া নামৰ ব্যক্তিগৰাকীয়ে মজুত কৰি ৰখা প্ৰায় ১৪০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰে ৷ এই সুৰাখিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অসমলৈ সৰবৰাহ হৈ থকা এই অবৈধ সুৰাৰ বিৰুদ্ধে পৰৱৰ্তী সময়তো আৰক্ষীৰ অভিযান অব্যাহত থাকিব ৷