তেজপুৰ, 16 চেপ্তেম্বৰঃমঙলবাৰে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এএন-32 বিমান খনৰ উদ্ধাৰকাৰী আৰু সন্ধান দিয়া 10 জন লোকক বায়ুসেনাই 5 লাখ টকাৰে পুৰষ্কৃত কৰিব ৷ যোৱা 3 জুনত যোৰহাটৰ পৰা মেচুকালৈ যোৱা ভাৰতীয় বায়ু সেনা বাহিনীৰ এন্টোনভ AN-32 মালবাহী বিমানখন চিয়াং জিলাত দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈছিল ৷
এএন-32 বিমানৰ উদ্ধাৰকাৰী আৰু সন্ধান দিওটালৈ বায়ুসেনাৰ 5 লাখ টকাৰ পুৰষ্কাৰ
যোৱা 3 জুনত যোৰহাটৰ পৰা মেচুকালৈ যোৱা ভাৰতীয় বায়ু সেনা বাহিনীৰ এন্টোনভ AN32 মালবাহী বিমানখন অৰুণাচলৰ চিয়াং জিলাত দুৰ্ঘটনাগ্ৰস্ত হৈ সন্ধানহীন হৈছিল ৷
বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত অৰুণাচল প্ৰদেশৰ পৰ্বত আৰোহীৰ এটা দলে উদ্ধাৰ কাৰ্যত সহযোগ কৰি বিমানখন বিচাৰি উলিওৱাৰ বাবে সহায় কৰিছিল ৷ বিমানখনৰ উদ্ধাৰ অভিযানত মুঠ ১০ জন লোকে সহায় কৰিছিল ৷ এই 10 জন লোকক বায়ুসেনাই 5 লাখ টকাৰে পুৰষ্কৃত কৰাৰ কথা ঘোষণা কৰিছিল ৷ মঙলবাৰে আলং এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডত এই 10 জন লোকক পুৰষ্কৃত কৰা হ'ব ৷ বায়ু সেনা বাহিনীৰ উইং কামাণ্ডাৰ তথা প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ৰত্নাকৰ সিঙে জনোৱা অনুসৰি বায়ু সেনা বাহিনীৰ বিষয়া এয়াৰ অফিচাৰ কামাণ্ডিক আৰ ডি মাথুৰে এই পুৰষ্কাৰ প্ৰদান কৰিব ৷ ইপিনে চিয়াং জিলাৰ উপায়ুক্ত ৰাজিব টাতুৰ তৎপৰতাত উদ্ধাৰকাৰী দলটো যোৱাৰ বাবে তেওঁক 1 লাখ টকা প্ৰদান কৰা হ'ব ৷ আনহাতে টাকা টামু নামৰ পৰ্বত আৰোহীজনক 35 হাজাৰ টকা দিয়াৰ বিপৰীতে কিছন টকচমক 20 হাজাৰ টকাৰে পুৰস্কৃত কৰা হ'ব ৷ লগতে আন তিনিজন পৰ্বত আৰোহীক 15 হাজাৰকৈ টকা প্ৰদান কৰা হ'ব ৷ বিমান খনৰ খবৰ প্ৰথমে দিয়া পায়ুমৰ টাদুত টাচুংক 1,50,00 লাখ টকাৰ লগতে উৎসাহী পুৰস্কাৰৰে পুৰস্কৃত কৰা হ'ব ৷ ইয়াৰ লগতে পায়ুম,গ্যাচেং আৰু গ্যাটে গাওঁৰ তিনিজন গাওঁবুঢ়াক নগদ 50 হাজাৰকৈ টকাৰে পুৰস্কৃত কৰিব বায়ুসেনাৰ বিষয়া গৰাকীয়ে ৷