অসম

assam

ETV Bharat / state

জুক' ভেলীৰ বনজুই নিৰ্বাপনৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ - ক’হিমা

নাগালেণ্ডৰ মনোমোহা জুক’ উপত্যকা সম্প্ৰতি বনজুইৰ গ্ৰাসত ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা উপত্যকাটো বনজুইৰ পৰা ৰক্ষা কৰিবলৈ সেনাই ব্যৱহাৰ কৰিছে এম আই-17 ভি 5 নামৰ হেলিকপ্তাৰ ৷ গুৱাহাটী বিমানবন্দৰৰ পৰা নাগালেণ্ড অভিমুখে উৰা মাৰিছে হেলিকপ্তাৰখন ৷

IAF deploys mi 17 hercules choppers to Douse nagaland wild fire etv bharat news
জুক’ ভেলীত বনজুই

By

Published : Jan 2, 2021, 11:57 AM IST

Updated : Jan 2, 2021, 1:28 PM IST

তেজপুৰ,২ জানুৱাৰী: আমাজান বৰ্ষাৰণ্যৰ পিছতে বনজুইৰ কবলত পৰিছে প্ৰচুৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ নাগালেণ্ডৰ জুক’ ভেলী ৷ জুক’ ভেলী মণিপুৰ আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী এখন সংৰক্ষিত বনাঞ্চল ৷ প্ৰাপ্ত তথ্য অনুসৰি,বিগত 30 ডিচেম্বৰত উপত্যকাটোত বনজুইৰ সূত্ৰপাত ঘটে ৷ এই বনজুয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাত জুই নিৰ্বাপন কৰিবলৈ নাগালেণ্ড চৰকাৰে সহায় বিচাৰে ভাৰতীয় বায়ুসেনাৰ ৷ নাগালেণ্ড চৰকাৰৰ অনুৰোধমৰ্মে অগ্নি নিৰ্বাপনৰ বাবে ভাৰতীয় বায়ুসেনাই এম আই 17 ভি 5 আৰু চি 130 হাৰকিউলিছ বিমানেৰে 9 টন অগ্নি নিৰ্বাপক সামগ্ৰীৰ লগতে 48 গৰাকী এনডিআৰএফ বাহিনীৰ সদস্যক বিশেষ বিমানেৰে ডিমাপুৰলৈ প্ৰেৰণ কৰে ৷ এই কথা সদৰী কৰে গুৱাহাটীস্থিত বায়ুসেনাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই ৷

বনজুই নিৰ্বাপনৰ বাবে সেনাৰ হেলিকপ্তাৰ প্ৰেৰণ

আনহাতে,শ্বিলঙৰ ইষ্টাৰ্ণ কামাণ্ডাৰ বায়ুসেনাৰ সূত্ৰই তিনিখনকৈ অতিৰিক্ত হেলিকপ্তাৰ উপত্যকালৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে ৷ উক্ত হেলিকপ্তাৰ তিনিখনৰ সৈতে সংযোজিত কৰা হৈছে বামবি বাকেট,যাৰ দ্বাৰা পৰ্যাপ্ত পৰিমাণৰ অগ্নি নিৰ্বাপক সামগ্ৰীৰ ব্যৱহাৰ কৰিব পৰা যায় ৷ এই কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে বায়ুসেনাৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷ এই বনজুইৰ ফলত এতিয়ালৈকে কোনো বিশেষ ক্ষতিসাধন হোৱা নাই যদিও অত্যন্ত বতাহ আৰু শুকান অৰণ্যৰ বাবে জুইৰ পৰিসৰ বৃদ্ধি পাইছে ৷ নাগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে স্থানীয় যুৱকে অগ্নি নিৰ্বাপনৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ বায়ুসেনাৰ সমান্তৰালকৈ নাগালেণ্ড চৰকাৰে এই জুই নিৰ্বাপনৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷

উল্লেখ্য যে,জুক’ ভেলী মণিপুৰৰ সমীপৱৰ্তী এখন অভয়াৰণ্য আৰু নাগালেণ্ডৰ ৰাজধানী ক’হিমাৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় 30 কিল’মিটাৰ ৷ জুক’ ভেলী নাগালেণ্ডৰ ৰাজ্যিক চৰাই Blyth's Tragopanৰ বসতিস্থল ৷

লগতে চাওকঃসম্পূৰ্ণ হোৱাৰ দিশে তাজমহলৰ মেৰামতি

Last Updated : Jan 2, 2021, 1:28 PM IST

ABOUT THE AUTHOR

...view details