তেজপুৰ, ৩ জানুৱাৰী :তেজপুৰত এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে (Suicide case in Tezpur) ৷ আমি সচৰাচৰ স্বামীয়ে পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ ঘটনা শুনিছো কিন্তু এইবাৰ পত্নীয়ে স্বামীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ খবৰ পোহৰলৈ আহিছে (Husband suicide for Allegedly wife conspiracy)৷
মঙলবাৰে পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ তেজপুৰৰ নাৰায়ণ চৰকাৰ নামৰ এজন লোকে আত্মহত্যাৰ পথ বাচি লোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি নাটকীয়ভাৱে তেজপুৰ গাৰোৱানপত্তি নিবাসী নাৰায়ণ চৰকাৰৰ পত্নী অনিতা দাস চৰকাৰে তেজপুৰ আৰক্ষীৰ ওচৰত স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ নাৰায়ণে প্ৰায়েই পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল পত্নীয়ে ৷
ইয়াৰ পিচতে আৰক্ষীয়ে পত্নীৰ অভিযোগৰ ভিত্তিত মুঢ়াতেতেলীৰ গেৰেজৰ পৰা নাৰায়ণক উঠাই নি মাৰপিট আৰম্ভ কৰে ৷ আনকি ওৰে নিশা নাৰায়ণক আৰক্ষীয়ে মাৰপিট কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছিল ৷ আৰক্ষীয়ে এৰি দিয়াৰ পিছত নাৰায়ণে পত্নীক ফোনযোগে সকলো কথা অৱগত কৰি কয় যে তেওঁ অপমানিত হৈছে, সেইবাবেই তেওঁ আত্মহত্যা কৰিব ৷
লগতে পঢ়ক:IndiGo flight technical glitch: কাৰিকৰী বিজুতিৰ বাবে ফুকেট অভিমুখী ইণ্ডিগ’ বিমান দিল্লীত অৱতৰণ