অসম-নাগালেণ্ড সীমান্তত চাৰি চোৰাং চিকাৰী আটক - মাৰাণাস্ত্ৰ
চোৰাং চিকাৰীকেইজনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

অসম-নাগালেণ্ড সীমান্তত চাৰি চোৰাং চিকাৰী আটক
তেজপুৰ,29 জুনঃ অসম-নাগালেণ্ড সীমান্তৰ পূৱ কাৰ্বি আংলঙৰ লাহৰীজানত ডিলাই আৰক্ষীৰ অভিযান ৷ অভিযানত আটক চাৰিটাকৈ চোৰাং চিকাৰী ৷ আটক কৰা আটাইকেইজন লোক ডিমাপুৰৰ ডবিনোদ বসুমতাৰী,আকথা টেচু,চসেত হ'ম আৰু আকাফা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ আটক কৰা চোৰাং চিকাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ ৷ এটা 22 বৰৰ কেলিবাৰ ৰাইফল, 80 জাই সজীৱ গুলী, 20 জাই 12 বৰ' ৰাইফলৰ গুলী,3 টা টৰ্চ লাইট আৰু কেইবাটাও মোবাইল ফোন জব্দ কৰে আৰক্ষীৰ দলে ৷
Last Updated : Jun 29, 2019, 2:43 PM IST