ৰঙাপৰা, 1 জানুৱাৰী : শোণিতপুৰ জিলাৰ অসম-অৰুণাচলৰ সীমান্তৰ বাৰ মাইলত নৱবৰ্ষৰ পহিলা দিনটোত ভিৰ কৰিলে শতাধিক বনভোজকাৰীয়ে ৷ পুৱাৰে পৰা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা কুল কুল শব্দৰে বৈ অহা জীয়া ভৰলী নদীৰ পাৰত নিজৰ আত্মীয়ৰ সৈতে অগণন লোকে বনভোজ খাবলৈ আহি আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হ'য় ।
জীয়া ভৰলী নদীৰ পাৰত বনভোজ খালে শতাধিক বনভোজকাৰীয়ে - Hundreds of picnics on the banks of the River Jiya Bharli]
নতুন বৰ্ষৰ প্ৰথম দিনটোতে ৰাজ্যৰ সকলো প্ৰান্তত দেখা ৰাইজৰ আনন্দ উলাস ৷ অসম-অৰুণাচলৰ সীমান্তৰ জীয়া ভৰলী নদীৰ পাৰত বনভোজ খাই আনন্দত মতলীয়া হ'ল শতাধিক বনভোজকাৰী ৷
![জীয়া ভৰলী নদীৰ পাৰত বনভোজ খালে শতাধিক বনভোজকাৰীয়ে hundreds-of-picnics-on-the-banks-of-the-river-jiya-bharli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10086166-thumbnail-3x2-rnagapara.jpg)
জীয়া ভৰলী নদীৰ পাৰত বনভোজ খালে শতাধিক বনভোজকাৰীয়ে
জীয়া ভৰলী নদীৰ পাৰত বনভোজ খালে শতাধিক বনভোজকাৰীয়ে
উল্লেখ্য যে, নতুন বৰ্ষক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰায়বোৰ বনভোজস্থলীত শুকুৰবাৰে ভিৰ কৰা দেখা গ'ল শতাধিক বনভোজকাৰীৰ ৷ বনভোজস্থলীত আনন্দত মতলীয়া হৈ নাচি-বাগি, মাছ-মাংসৰে লগে-ভাগে তৃপ্তিৰে এসাঁজ খাই ইংৰাজীক নৱবৰ্ষক আদৰিলে ৰাজ্যবাসীয়ে ৷
লগতে পঢ়ক: বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা