অসম

assam

ETV Bharat / state

ৰঙাপৰাত প্ৰথমটো বানে বুৰালে শ শ হেক্ট'ৰ কৃষি ভূমি : চিন্তিত কৃষক ৰাইজ

শাক-পাচলিৰ খেতি লক ডাউনৰ বাবে খেতি পথাৰতে গেলিবলৈ আৰম্ভ কৰিছে । ঋণ লৈ কৃষি কৰা কৃষক ৰাইজৰ পৰৱৰ্তী সময়ত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল ৷ ইয়াৰ উপৰিও বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজে বিঘাই বিঘাই কৰিছিল বড়ো ধানৰ খেতিও ৷ কিন্তু বিগত চাৰিদিন ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যত হৈ থকা মূষলধাৰ বৰষুণৰ ফলত মানশিৰি নদীৰ পানী ফেনেফুটুকাৰে বাঢ়ি অহাত বুৰাই পেলাই ৰঙাপৰাৰ বৃহৎ অঞ্চল ৷ ফলত বড়ো ধানৰ খেতি পথাৰো ডুব যোৱাত কৃষক ৰাইজৰ দুখে কুলাই-পাচিয়ে নধৰা হৈ পৰিছে ৷

Hundreds of hectares of agricultural land in Rangapara affected by flood
ৰঙাপৰাত প্ৰথমটো বানে বুৰাই পেলালে শ শ হেক্টৰ কৃষি ভূমিঃ চিন্তিত কৃষক ৰাইজ

By

Published : May 24, 2020, 10:47 AM IST

ৰঙাপৰা,24মে': শোণিতপুৰ জিলাত হোৱা বছৰৰ প্ৰথমটো বানে তচনচ কৰি পেলালে কৃষকৰ সোণালী পথাৰ ৷ জিলাখনৰ ৰঙাপৰাত প্ৰায় শ-শ হেক্টৰ কৃষিভূমি বুৰাই পেলালে বানপানীয়ে ৷ উল্লেখযোগ্য যে, ৰঙাপৰা বিধানসভা সমষ্টিৰ কৃষি প্ৰধান ঠাই হিচাপে পৰিচিত গুদামঘাট, গুদামঘাট মিৰি, গুদামঘাট কছাৰী আৰু অকাবস্তি গাঁৱৰ ৰাইজে কৰা শাক-পাচলিৰ খেতি লক ডাউনৰ বাবে খেতি পথাৰতে গেলিবলৈ আৰম্ভ কৰিছে ৷

ৰঙাপৰাত প্ৰথমটো বানে বুৰাই পেলালে শ শ হেক্ট'ৰ কৃষি ভূমিঃ চিন্তিত কৃষক ৰাইজ

ঋণ লৈ কৃষি কৰ্ম কৰা কৃষক ৰাইজৰ পৰৱৰ্তী সময়ত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল ৷ ইয়াৰ উপৰিও বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজে বিঘাই-বিঘাই কৰিছিল বড়ো ধানৰ খেতিও ৷ কিন্তু বিগত চাৰিদিন ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যত হৈ থকা মূষলধাৰ বৰষুণৰ ফলত মানশিৰি নদীৰ পানী ফেনেফুটুকাৰে বাঢ়ি অহাত বুৰাই পেলাইছে ৰঙাপৰাৰ বৃহৎ অঞ্চল ৷ ফলত বড়ো ধানৰ খেতি পথাৰো ডুব যোৱাত কৃষক ৰাইজৰ দুখে কুলাই-পাচিয়ে নধৰা হৈ পৰিছে ৷ আনহাতে, প্ৰথমে লক ডাউন, তাৰ পিছত বানে যেন বাৰুকৈয়ে জুৰুলা কৰি পেলালে ৰঙাপৰাৰ কৃষক ৰাইজক ৷ ইয়াকে লৈ এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে কৃষক ৰাইজ ৷

লগতে পঢ়কঃচৰকাৰলৈ সহায়ৰ আহ্বান বাক্সাৰ গান্ধীবাৰীৰ এগৰাকী দুৰ্ভগীয়া কৃষকৰ

ABOUT THE AUTHOR

...view details