অসম

assam

By

Published : Sep 11, 2019, 6:29 PM IST

ETV Bharat / state

সম্পূৰ্ণ হৈ উঠা নাই তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ আধুনিকীকৰণ

বুধবাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ দূত তথা প্ৰাক্তন আৰক্ষী অধীক্ষক উমেশ কুমাৰে । কাৰাগাৰ পৰিদৰ্শন কৰি ইয়াত বন্দী কয়দী আৰু শৰণাৰ্থীয়ে সকলো সুবিধা লাভ কৰা বুলি তেওঁ মন্তব্য কৰে ।

সম্পূৰ্ণ হৈ উঠা নাই তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ আধুনিকীকৰণ

তেজপুৰ,১১ ছেপ্টেম্বৰ: "তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰ আধুনিকীকৰণ এতিয়াও সম্পূৰ্ণৰূপে হৈ উঠা নাই । কাৰাগাৰৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলৰ কাম কাজ নিৰীক্ষণৰ বাবে আধুনিকীকৰণ হিচাপে থাকিবলগীয়া বিশেষ কেতবোৰ ব্যৱস্থা এতিয়াও হৈ উঠা নাই । লগতে কাৰাগাৰৰ ডিটেনচন কেম্পত এতিয়াও যি সকল বাংলাদেশী আৰু তেওঁলোকৰ সন্তান ৭ টাকৈ শিশু আছে সেইসকলো সম্পূৰ্ণ ৰূপে সুৰক্ষিত আৰু ভাল পৰিৱেশত আছে ।"- বুধবাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি কাৰাগাৰৰ পৰিৱেশ,আবদ্ধ হৈ থকা শৰণাৰ্থী আৰু কয়দীসকলক সাক্ষাৎ কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ দূত তথা প্ৰাক্তন আৰক্ষী অধীক্ষক উমেশ কুমাৰে । ইপিনে সংবাদ মাধ্যমত বহু সময়ত তেজপুৰ কাৰাগাৰৰ অনিয়মৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত তাৎক্ষণিকভাৱে এইদৰে পৰিদৰ্শন কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে। অৱশ্যে কাৰাগাৰ পৰিদৰ্শন কৰি ইয়াত বন্দী কয়দী আৰু শৰণাৰ্থীয়ে সকলো সুবিধা লাভ কৰা বুলি তেওঁ মন্তব্য কৰে।

সম্পূৰ্ণ হৈ উঠা নাই তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ আধুনিকীকৰণ

উল্লেখ্য যে একেদিনাই বিষয়াজনে তেজপুৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক চিকিৎসালয়ো পৰিদৰ্শন কৰে ।

ABOUT THE AUTHOR

...view details