অসম

assam

ETV Bharat / state

হাতী-মানুহৰ সংঘাতঃ ৰাজ্যত মৃত্যু 113 টা হাতীৰ - হাতীৰ মৃত্যু

শোণিতপুৰ জিলাত হাতী-মানুহৰ সংঘাতৰ ফলত 4 জন লোকক বনৰীয়া হাতীয়ে হত্যা কৰাৰ লগতে মৃত্যু হয় 3 টাকৈ হাতীৰ ৷ প্ৰয়োজনতকৈ বন কৰ্মীৰ যথেষ্ট কম হোৱাৰ বাবে হাতী-মানুহৰ সংঘাতৰ সৈতে বন বিভাগে কেনেদৰে মোকাবিলা কৰিব তাক লৈ শংকিত বন বিষয়া ৷ আনহাতে, 2009 চনৰ পৰা চলিত বৰ্ষৰ 25 ছেপ্টেম্বৰৰ ভিতৰত বিদ্যুৎস্পৃষ্ট হৈ ৰাজ্যত 113 টা হাতীৰ মৃত্যু হয় ৷

human elephant conflict
হাতী-মানুহৰ সংঘাত

By

Published : Dec 24, 2020, 8:08 AM IST

Updated : Dec 24, 2020, 12:30 PM IST

তেজপুৰ,24 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ প্ৰতিদিনে হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই আহিছে যদিও বন্য়হস্তী ৰোধ কৰাত ব্যৰ্থ হৈছে বন বিভাগ তথা প্ৰশাসন ৷

হাতী-মানুহৰ সংঘাত

বিগত দুমাহৰ ভিতৰত শোণিতপুৰ জিলাত 4 জন লোকক বনৰীয়া হাতীয়ে হত্যা কৰে আৰু ইয়াৰ বিপৰীতে মৃত্যু হয় 3 টা হাতীৰ৷ একমাত্ৰ চৰকাৰৰ হেমাহিৰ বাবে হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ অভিযোগ তুলিছে ৰাইজে ৷

আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে বন বিভাগৰ কৰ্মচাৰীৰ অভাৱ । কাৰ্যালয়ৰ গাড়ী চলাবলৈও শোণিতপুৰ পশ্চিম বন বিভাগত কৰ্মচাৰীৰ অভাৱ । বিগত মে’ মাহত বিভাগে 1081 জন ফৰেষ্ট গাৰ্ডৰ আৰু ফৰেষ্টৰ মকৰল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছিল যদিও সেয়া বৰ্তমানো সম্পন্ন হৈ নুঠিল ৷ উল্লেখ্য যে, শোণিতপুৰ পশ্চিম বনাঞ্চল বিভাগৰ অধীনত বৰ্তমান 102 জন ফৰেষ্ট গাৰ্ডৰ ভিতৰত মাত্ৰ 49 জনহে আছে ৷ সেয়া মাত্ৰ সমগ্ৰ তেজপুৰ,ঢেকীয়াজুলি,বৰচলা, ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত আৰু নামেৰী চাৰিদুৱাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত বিশাল অঞ্চল ।

সোনাই-ৰূপাই অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সঘনাই ওলাই অহা হাতীৰ জাকে তহিলং কৰিছে খেতিপথাৰ আৰু জনাঞ্চল । শোণিতপুৰ জিলাৰ ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত নাই কোনো ধৰণৰ খাদ্যৰ গছ-গছনি । গছ পুলি ৰোপণৰ নামত শ শ টকাৰ অপচয় কৰা হৈছে ৷ কিন্তু নতুনকৈ ৰোপণ কৰা গছ-গছনি বনাঞ্চলৰ ভিতৰত দেখিবলৈ পোৱা নাযায় ।

আনহাতে পশ্চিম সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া ৰঞ্জিত কোঁৱৰে জনোৱা মতে,হাতী-মানুহৰ সংঘাতৰ ফলত ৪ জন লোক আৰু 3 টা হাতী স্বাভাৱিকভাৱে মৃত্যুমুখত পৰিছে । বন কৰ্মীৰ প্ৰয়োজনতকৈ যথেষ্ট কম । এনে সময়ত হাতী-মানুহৰ সংঘাতৰ সৈতে বন বিভাগে কেনেদৰে মোকাবিলা কৰিব সেয়া এক জটিল প্ৰশ্ন হৈ পৰিছে ।

বন্যহস্তীয়ে মানুহৰ প্ৰাণ কাঢ়ি নিয়াৰ সমান্তৰালকৈ ৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ বহু হাতী মৃত্যু আৰু আঘাতপ্ৰাপ্ত হৈছে ৷ ৰাজ্যিক বন বিভাগৰ প্ৰতিবেদনত উল্লেখিত অনুসৰি, 2009 চনৰ পৰা চলিত বৰ্ষৰ 25 ছেপ্টেম্বৰৰ ভিতৰত বিদ্যুৎস্পৃষ্ট হৈ ৰাজ্যত 113 টা হাতীৰ মৃত্যু হয় ৷ চলিত মাহতেই চিৰাঙত তিনিটা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে ৷

হাতী-মানৱৰ বৰ্ধিত সংঘাতৰ মাজতেই মানুহৰ লেখীয়াকৈ মৃত্যুমুখত পৰি আছে বন্যহস্তীবোৰ ৷ এই ক্ষেত্ৰত বন বিভাগে শক্তি বিভাগৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হয় ৷ বৰ্তমানলৈ বনাঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাৰ 29 টা ট্ৰেন্সফাৰ্মাৰৰ সংযোগ বিচ্ছিন্ন কৰা বুলি চিৰাং বিভাগীয় বন বিভাগে জানিবলৈ দিয়ে ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱাৰ দৰে স্থানত ওলোমা সৌৰ শক্তিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ই হাতীবোৰক বিদ্যুতৰ পৰা আঁতৰত ৰখাত অধিক কাৰ্যকৰী হ’ব । লগতে দুৰ্গম অঞ্চলসমূহত হাতীৰ চলাচল নিৰীক্ষণ কৰিবলৈ 50 ফুটতকৈ অধিক ওখ টাৱাৰ বহুওৱাৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰোপৰি বন্য়হস্তীক বিদ্যুতৰ পৰা আঁতৰত ৰাখিবলৈ ম’বাইল এণ্টি ডিপ্ৰেচন স্কোৱাড ছেট আপ্, পাম্প এক্সন আৰু ৰবৰ বুলেটৰ অস্ত্ৰ প্ৰয়োগৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক :মাজপথৰ বিদ‍্যুৎ পৰিবাহী তাঁৰৰ খুঁটাক লৈ শংকাত ৰঙিয়াবাসী

Last Updated : Dec 24, 2020, 12:30 PM IST

ABOUT THE AUTHOR

...view details