অসম

assam

ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বেই অৰুণাচলত টকাৰ উজান - অৰুণাচলত টকা উদ্ধাৰ

ৰাজ্যখনত মঙলবাৰে নিশা নিৰ্বাচনী বিষয়াই জব্দ কৰে প্ৰায় 1.8 কোটি টকা ৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বেই উত্তপ্ত অৰুণাচলৰ পাছিঘাট

টকাৰ উজান

By

Published : Apr 3, 2019, 5:03 PM IST

পাছিঘাট,৩ এপ্ৰিলঃ লোকসভা নিৰ্বাচন আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বেই উত্তপ্ত অৰুণাচলৰ পাছিঘাট । পাহাৰীয়া ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনৰ ব্যক্তিগত বাহনত টকা উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

টকাৰ উজান

মঙলবাৰে নিশাৰ ভাগত ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াই পাছিঘাটৰ পৰা জব্দ কৰে প্ৰায়১.৮ কোটি টকা । উপ-মুখ্যমন্ত্ৰী চৌনা মিনৰ ব্যক্তিগত বাহন AR-01K-0009 নম্বৰৰ টয়টা ফৰ্চুনাৰখনৰ পৰা এইদৰে বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ হোৱাটো সহজভাৱে ল'ব পৰা নাই বিৰোধী দলসমূহে । আনহাতে বৰ্তমানে অৰুণাচলত নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেশৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বেই এইদৰে টকা উদ্ধাৰ হোৱা বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ।

ঘটনা সন্দৰ্ভত বুধবাৰে বিয়লিৰ ভাগত অৰুণাচল কংগ্ৰেছে এক সংবাদমেলৰো আয়োজন কৰিছে । আনহাতে এই মুহুৰ্তলৈকে সাংবাদিকৰ সৈতে যোগাযোগ কৰা নাই ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াসকলে ।

ABOUT THE AUTHOR

...view details