অসম

assam

ETV Bharat / state

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেজপুৰত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন - জব্দ বৃহৎ পৰিমাণৰ নগদ ধন

নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে, নিৰ্বাচনৰ সময়ত পঞ্চাশ হাজাৰ বা তাতোকৈ অধিক টকা অথবা দহ হাজাৰৰ অধিক মূল্যৰ উপহাৰ বহন কৰাৰ সময়ত তথ্যভিত্তিক নথি লগত ৰখাটো বাঞ্চনীয় ৷

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত তেজপুৰত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন

By

Published : Mar 31, 2019, 7:51 PM IST

তেজপুৰ, 31 মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা তথা আৰক্ষী প্ৰশাসনে হাতত লোৱা ব্যাপক প্ৰচেষ্টাৰ অংশ হিচাপে শুকুৰবাৰে কলিয়াভোমোৰা দলঙৰ সমীপত এখন মাৰুতী 800 অ’ল্টো গাড়ীৰ পৰা মুঠ 6,72,830 টকা জব্দ কৰে বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ভৰালীৰ তত্ত্বাৱধানত এটা দলে ৷

লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত তেজপুৰত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন

উল্লেখ্য যে,গাড়ীচালক গৰাকীয়ে উক্ত ধন তেজপুৰৰ এক ব্যৱসায়ী প্ৰতিষ্ঠানৰ বুলি দাবী কৰে যদিও তেনে কোনো তথ্য সম্বলিত নথি-পত্ৰ দেখুৱাব নোৱাৰাৰ বাবে ধনখিনি জিলা উপায়ুক্তৰ দৃষ্টিগোচৰ কৰি তেজপুৰ কোষাগাৰলৈ প্ৰেৰণ কৰা হয় ৷ জব্দ কৰা ধনৰাশি তেজপুৰ ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) আকাশদীপ কাকতি, জিলা কোষাগাৰ বিষয়া তৰুণ শইকীয়া আৰু ফ্লায়িং স্কোৱাডৰ সদস্যৰ উপস্থিতিত গণনা কৰি জমা দিয়া হয় ৷ ইতিমধ্যে প্ৰয়োজনীয় নথি যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হৈছে ধনৰাশিৰ গৰাকীক ৷

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে, নিৰ্বাচনৰ সময়ত পঞ্চাশ হাজাৰ বা তাতোকৈ অধিক টকা অথবা দহ হাজাৰৰ অধিক মূল্যৰ উপহাৰ বহন কৰাৰ সময়ত তথ্যভিত্তিক নথি লগত ৰখাটো বাঞ্চনীয় ৷ তদুপৰি শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন মালাকাৰ, উন্নয়ন আয়ুক্ত ফাৰুক আলম আৰু কোষাগাৰ বিষয়াকে ধৰি নিৰ্বাচনৰ সময়ত জিলাখনত এনে জব্দকৃত নগদ ধন বা সমাগ্ৰী মুকলি কৰি দিয়াৰ বাবে গঠন কৰা হৈছে এখন সমিতি ৷ এই সমিতিখনে প্ৰত্যেকটো অভিযোগ পৰীক্ষা কৰিহে নিৰ্বাচনৰ লগত জড়িত নথকা তথ্যভিত্তিক প্ৰমাণ সাপেক্ষে জব্দকৃত সমাগ্ৰী মুকলি কৰি দিব বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details