অসম

assam

ETV Bharat / state

মণিপুৰৰ মোৰেহত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ - Huge amount of Arms recovered from moreh of Manipur

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ যাৰ বাবে এতিয়া বিশেষভাৱে তৎপৰ হৈ পৰিছে আৰক্ষী তথা সেনা বাহিনী ৷ স্বাধীনতা দিৱসত দুষ্ট চক্ৰই যাতে কোনো কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব তাৰ বাবে স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷

huge-amount-of-arms-recovered-from-moreh-of-manipur
মণিপুৰৰ মোৰেহত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

By

Published : Aug 10, 2021, 7:41 PM IST

তেজপুৰ,10 আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ পৰা উদ্ধাৰ হৈছে বৃহৎ সংখ্যক অস্ত্ৰ ভাণ্ডাৰ ৷ এক গোপন সূত্ৰৰ পম খেদি আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত মণিপুৰৰ মোৰেহৰ এছ ম’লজল গাঁৱৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ ৷ আছাম ৰাইফলছৰ মণিপুৰৰ স্পিয়াৰ কৰ্পৰ অধীনত আইজিএআৰ(IGAR) দক্ষিণৰ মোৰেহ বেটেলিয়নে চলাইছিল এই গুৰুত্বপূৰ্ণ অভিযান ৷

আছাম ৰাইফলছৰ সূত্ৰই প্ৰকাশ কৰা মতে, ম'লজল গাঁৱৰ এখন ঘৰত গোপন অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভাণ্ডাৰ মজুত ৰখাৰ বিষয়ে বিশেষ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ উক্ত খবৰৰ ওপৰত ভিত্তি কৰি মণিপুৰ আৰক্ষীৰ সৈতে মোৰেহ বেটেলিয়নৰ এটা দলে এক যুটীয়া অভিযান চলাই এই অস্ত্ৰ শস্ত্ৰ জব্দ কৰে ৷ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ সমূহৰ ভিতৰত আছে দুটা এম-16 ৰাইফল, দুটা একে-56 ৰাইফল, দুটা 9 এম এম পিষ্টল, এটা চীনা হেণ্ড গ্ৰেনেড, 415 জাঁই সজীৱ গুলী ৷

লগতে আছে 9 টা এছল্ট ৰাইফলৰ মেগজিন, পিষ্টলৰ 3 টা মেগজিন আৰু অন্যান্য যুদ্ধ সামগ্ৰী ৷ উদ্ধাৰ হোৱা অস্ত্ৰ আৰু এই সামগ্ৰী সমূহ পৰৱৰ্তী সময়ত মোৰেহ আৰক্ষী থানাক হস্তান্তৰ কৰা হয় বুলি জানিবলৈ দিছে আছাম ৰাইফলছে ৷ উল্লেখ্য যে, সমাগত স্বাধীনতা দিৱসত দুষ্ট চক্ৰই যাতে কোনো ধৰণৰ কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন ৷

লগতে পঢ়কঃবদৰপুৰত আৰক্ষীৰ অভিযানত জব্দ গৰু ভৰ্তি ট্ৰাক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details