তেজপুৰ, 15 মাৰ্চ :আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ সমান্তৰালকৈ একেটা দিনৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ কিন্তু মঙলবাৰৰে পৰা আৰম্ভ হোৱা এই পৰীক্ষাৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ কিছু সময় পূৰ্বে এগৰাকী ছাত্ৰৰ আত্মহত্যাই (HSSLC Candidate commits suicide) তোলপাৰ লগাইছে সমগ্ৰ তেজপুৰ চহৰ ৷ তেজপুৰ নগৰৰ সমীপৱৰ্তী কলিবাৰীত সংঘটিত হৈছে এই ঘটনা ৷
প্ৰাপ্ত তথ্য অনুসৰি, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ নিলোৎপল কলিতাই মঙলবাৰে ঐতিহাসিক ভৈৰৱী মন্দিৰৰ চৌহদত আত্মহত্যা কৰে ৷ বিগত সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল মেধাৱী ছাত্ৰগৰাকী ৷