তেজপুৰ, ১৪ নৱেম্বৰ : অসমলৈ আহিছে বলিউডৰ তাৰকা ঋত্ত্বিক ৰোশন (Hrithik Roshan in Assam) । সোমবাৰে বলিউডৰ তাৰকা শিল্পীজন আহি উপস্থিত হয় তেজপুৰত (Hrithik Roshan arrived in Tezpur) । এক বিশেষ চাৰ্টাৰ্ড বিমানৰ জৰিয়তে তেজপুৰ বিমানবন্দৰত উপস্থিত হয় ছুপাৰ ষ্টাৰ ঋত্ত্বিক ৰোশন । তেজপুৰ বায়ুসেনাৰ ঘাটিত উপস্থিত হয় বলিউডৰ তাৰকা পৰিচালক সিদ্ধাৰ্থ আনন্দৰ সৈতে ।
উল্লেখ্য, ঋত্ত্বিক ৰোশনৰ আগন্তুক ছবি হৈছে 'Fighter' (Hrithik Roshan upcoming film Fighter) । উক্ত ছবিখনত তেওঁ বায়ুসেনাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনৰ অভিনয়ৰ অংশ হিচাবেই বলিউডৰ সুদৰ্শন অভিনেতাগৰাকীয়ে বায়ুসেনাৰ পাইলটৰ বিভিন্ন কলা-কৌশলৰ ওপৰত অধ্যয়নৰ বাবে তেজপুৰ বায়ুসেনা ঘাটিত আহি উপস্থিত হৈছে ।
উল্লেখ্য Fighter হৈছে ঋত্ত্বিক ৰোশনৰ এখন একচনধৰ্মী ছবি । সেয়ে একচন সম্পৰ্কীয় অভিনয়ৰ বাবে প্ৰস্তুতি চলাবলৈ তেজপুৰস্থিত বায়ুসেনা ঘাটিত উপস্থিত হৈছেহি অভিনেতা ঋত্ত্বিক ৰোশন (Hrithik Roshan at Tezpur Airforce base) । খবৰ অনুসৰি, ঋত্ত্বিক ৰোশনে নিজৰ চেহেৰা সলনি কৰাৰ ১২ সপ্তাহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
ইয়াৰ উপৰি অভিনেতাগৰাকীয়ে নিজৰ অভিনয়ৰ প্ৰস্তুতিৰ অংশ হিচাপে তেজপুৰ এয়াৰ বেছৰ কৰ্মীসকলৰ সৈতে জড়িত হ’ব আৰু তেওঁলোকৰ সৈতে ঘনিষ্ঠভাৱে সময় কটাব । জানিব পৰা মতে, ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ‘ফাইটাৰ’ ছবিৰ নিৰ্মাণকাৰ্য । লগতে জানিব পৰা গৈছে যে ঋত্ত্বিকে ১০ দিনীয়া outdoor শ্বুটিং কৰিব ।