ৰঙাপৰা, 8 জুনঃ ৭৫ দিনৰ অন্তত সোমবাৰে খোল খালে হোটেলৰ দুৱাৰত উলমি থকা তলা ৷ ৰাজ্য চৰকাৰে হোটেলসমূহ খোলাৰ অনুমতি দিয়াৰ লগে লগে স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকল ব্যৱসায়ত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ চেনিটাইজ কৰি গ্ৰাহক সকলৰ বাবে পুৱাৰে পৰা ৰান্ধনিশালত খাদ্য তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে ৰান্ধনী-কৰ্মচাৰী ৷
সুদীৰ্ঘ ৭৫ দিনৰ অন্তত ৰঙাপৰাত খুলিলে হোটেলসমূহ - লক ডাউন
ৰাজ্য চৰকাৰে হোটেলসমূহ খোলাৰ অনুমতি দিয়াৰ লগে লগে সুদীৰ্ঘ ৭৫ দিনৰ অন্তত সোমবাৰে খোল খালে হোটেলৰ দুৱাৰত উলমি থকা তলা ৷
hotels re opened in rangapara
যোৱা ২৪ মাৰ্চৰ পৰা বলৱৎ হৈ থকা লক ডাউনত চৰকাৰে শিথিলতা প্ৰদান কৰিছিল যদিও,হোটেল খোলাৰ অনুমতি প্ৰদান কৰা নাছিল ৷ যাৰ ফলত চিন্তিত হৈ পৰিছিল ব্যৱসায়ী সকল ৷ দীৰ্ঘদিনৰ অন্তত হোটেল খোলাৰ অনুমতি লাভ কৰাৰ পিচতেই স্বত্বাধিকাৰী আৰু কৰ্মচাৰী সকলৰ মুখত হাঁহি বিৰিঙি উঠে ৷
লগতে পঢ়কঃদেশত বৃদ্ধি হৈছে ইন্ধনৰ মূল্য