অসম

assam

ETV Bharat / state

নিষ্ঠা আৰু সততাৰ এক উজ্বল নিদৰ্শন ভূপেন চন্দ্ৰ ওজা

ভূপেন চন্দ্ৰ ওজা অঞ্চলটোৰ বিভিন্ন সামাজিক কৰ্মত জড়িত হৈ থকাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিৰ উপ- সভাপতিৰ দ্বায়িত্বত আছে ৷ ভূপেন চন্দ্ৰ ওজাৰ এনে পদক্ষেপক অঞ্চলটোৰ সচেতন ৰাইজে শলাগ লৈছে ৷

By

Published : Mar 16, 2019, 4:27 AM IST

নিষ্ঠা আৰু সততাৰ এক উজ্বল নিদৰ্শন ভূপেন চন্দ্ৰ ওজা


তেজপুৰ, 15মাৰ্চঃ যি সময়ত গ্ৰামাঞ্চলত বিভিন্ন উন্নয়নমূলক কামৰ বাবে আবন্টিত ধন একাংশই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে, তেনে সময়তেএনৰেগাৰ ৰাহি হোৱা ধন খণ্ডউন্নয়ন বিষয়াক ওভতাই দি সততাৰ পৰিচয় দিলে শোনিতপুৰ জিলাৰ চতিয়াৰ বাহবৰীয়াচুক গাঁৱৰ নিৱাসী ভূপেন চন্দ্ৰ ওজাই ৷

নিষ্ঠা আৰু সততাৰ এক উজ্বল নিদৰ্শন ভূপেন চন্দ্ৰ ওজা

উল্লেখ্য যেপূব বৰভগীয়া গাঁও পঞ্চায়তৰ বাহবৰীয়াচুক নামঘৰ চৌহদৰ চাৰিসীমাৰ পকী দেৱাল নিৰ্মাণৰ লগতে চৌহদৰ ভূমি উন্নয়নৰ বাবে মুঠ পাঁচ লাখ টকা পঞ্চায়তে আবন্টন দিছিল আৰু মেট হিচাপে কামৰদায়িত্ব লাভ কৰিছিলভূপেন চন্দ ওজাই ৷ ওজাই নামঘৰ চৌহদৰ 380ফুট দীঘল 7ফুট ওখ পকী দেৱালয়ৰ লগতে ভূমি উন্নয়নৰ কাম সম্পূৰ্ণকৰি ৰাহি কৰে এক লাখ শত্তৰ হাজাৰ টকা ৷ ৰাহি হোৱা উক্ত ধন ওজাই নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীব বৰাৰ হাতত ওভতাই দি সম্প্ৰতি চলি থকা দুৰ্নীতি ,অনিয়মৰ বিপৰীতে সততাৰ বিৰল নিদৰ্শন দাঙি ধৰে৷ উল্লেখনীয় যে ভূপেন চন্দ্ৰ ওজা অঞ্চলটোৰ বিভিন্ন সামাজিক কৰ্মত জড়িত হৈ থকাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেজপুৰ জিলা সমিতিৰ উপ- সভাপতিৰ দায়িত্ব পালন কৰি আহিছে ৷

ABOUT THE AUTHOR

...view details