অসম

assam

By

Published : Apr 5, 2019, 4:08 PM IST

ETV Bharat / state

এম জি ভি কে ভানুৰ সমৰ্থনত কংগ্ৰেছী নেতা হিৰণ্য বৰা

ভানুক তাচ্ছিল্য কৰা বিজেপি দলক ধিক্কাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীৰ

হিৰণ্য বৰা

ৰঙাপৰা, 5 এপ্ৰিলঃ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৰ হকে আগবাঢ়ি আহিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰণ্য বৰা ৷ ভানুক বহিৰাগত বুলি বিজেপিয়ে কৰা সমালোচনাক ধিক্কাৰ দিয়ে হিৰণ্য বৰাই ৷

হিৰণ্য বৰা

দলীয় নীতি-আদৰ্শ পৰিহাৰ কৰি এম জি ভি কে ভানুক লৈ কৰা অপমানসূচক মন্তব্যক গণতন্ত্ৰৰ বাবে দূৰ্ভাগ্যজনক আখ্যা দিয়ে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷ বিজেপি দলে সম্প্ৰতি জোৰ জুলুম নীতি লৈ চলা কাৰ্যই ভৱিষ্যৎ প্ৰজন্মক বিপথে পৰিচালিত কৰিব বুলিও শংকিত হৈ পৰে কংগ্ৰেছী নেতাগৰাকী ৷ হিৰণ্য বৰাই সদৰী কৰে যে, ভানুৰ দৰে এগৰাকী দক্ষ প্ৰাক্তন বিষয়াক ন্যূনতম সন্মান নজনাই ব্যক্তিগত আক্ৰমণ কৰি তুচ্ছ তাচ্ছিল্য কৰাটো অত্যন্তই দুৰ্ভাগ্যজনক। ঢেকিয়াজুলিৰ মিছামাৰী অঞ্চলত কংগ্ৰেছ প্ৰাৰ্থী এম জি কে ভানুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰণ্য বৰাই ৷

ABOUT THE AUTHOR

...view details