তেজপুৰ,4 মে': "ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ ৰমৰমীয়া বেহা তেজপুৰ চহৰত । চহৰখনৰ বিভিন্ন স্থানত একাংশ মহাবিদ্যালযৰ ছাত্ৰ-ছাত্ৰী আসক্ত হৈছে নিচাযুক্ত সামগ্ৰী আৰু ড্ৰাগছৰ প্ৰতি । কুম্ভকৰ্ণ নিদ্ৰাত তেজপুৰ আৰক্ষী ।"-শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য হিন্দু জাগৰণ মঞ্চৰ ৷ ইপিনে সংগঠনটোৰ অভিযোগ ৰাইজে মাজগাঁও অঞ্চলত এটা অবৈধ ড্ৰাগছৰ ঘাটি উদ্ধাৰ কৰি কৃষ্ণ নাথ নামৰ ব্যবসায়ীজনক আৰক্ষীৰ হাতত গতাই দিছিল যদিও এতিয়াও অব্যাহত আছে ড্ৰাগছৰ লগতে ফাৰ্মাচীসমূহত নিষিদ্ধ ঘোষণা কৰা কফ চিৰাপ ৷
তেজপুৰত নিচাযুক্ত সামগ্ৰীৰ অবৈধ বেহাৰ অভিযোগ হিন্দু জাগৰণ মঞ্চৰ - drugs
শুকুৰবাৰে কেইবাটাও গুৰুত্বৰ অভিযোগ লৈ হিন্দু জাগৰণ মঞ্চৰ সংবাদমেল ৷ শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক পংকজ কাকতিৰ বিৰুদ্ধে ধনৰ লেনদেনৰ অভিযোগ তুলে সংগঠনটোৱে ৷

হিন্দু জাগৰণ মঞ্চৰ সংবাদমেল
তেজপুৰত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ অবৈধ বেহাৰ অভিযোগ হিন্দু জাগৰণ মঞ্চৰ
ইপিনে সংবাদমেলত শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক পংকজ কাকতিৰ বিৰুদ্ধে গুৰুত্ব ৰ অভিযোগ আনে হিন্দু জাগৰণ মঞ্চৰ জিলা সভাপতি ধ্ৰুৱ জ্যোতি মহন্তই । উল্লেখ্য যে শোণিতপুৰ জিলাৰ ঔষধ পৰিদৰ্শক পংকজ কাকতিয়ে ফাৰ্মাচী সমূহত সহজ লভ্য হৈ পৰা কফ চিৰাপ সমূহৰ অভিযোগ দিবলৈ যাওঁতে সংগঠনটোৰ সদস্যক মেনেজ কৰিবলৈ চেষ্টা কৰাৰ এক কথোপকথনো সংবাদ মেলত প্ৰকাশ কৰে ।