অসম

assam

By

Published : Mar 29, 2019, 7:20 PM IST

ETV Bharat / state

"কংগ্ৰেছ আৰু এ আই ইউ ডি এফ আগৰ পৰাই খুৰা-ভতিজা আছিল" - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ সাংসদ প্ৰাৰ্থী পল্লৱ লোচন দাসে এম জি ভি কে ভানুক বুঢ়া গৰুৰ লগত তুলনা কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "ৰাজনীতিত কোনোবাই কাৰোবাক ডেকা বুলি বা বুঢ়া বুলি ক'ব,অসংসদীয় নহ'লে সকলো ঠিকে আছে ৷ তাত ক'বলগীয়া একো নাই ৷"

"কংগ্ৰেছ আৰু এ আই ইউ ডি এফ আগৰ পৰাই খুৰা-ভতিজা আছিল" - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ঢেকিয়াজুলি,29 মাৰ্চ : "কংগ্ৰেছ আৰু এ আই ইউ ডি এফ আগৰ পৰাই একেলগে আছিল | তেওঁলোক খুৰা-ভতিজা আগৰ পৰাই আছিল ৷ আগতে কথাতো লুকাই আছিল, কিন্তু এতিয়া কথাটো প্ৰচাৰ হ'ল |" ঢেকিয়াজুলিৰ ডুমডুমাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই |

"কংগ্ৰেছ আৰু এ আই ইউ ডি এফ আগৰ পৰাই খুৰা-ভতিজা আছিল" - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভাষণ প্ৰসংগত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ প্ৰাৰ্থী এম জি ভি কে ভানুৰ নামটোক লৈও তাচ্ছিল্য কৰে হিমন্ত বিশ্ব শৰ্মাই | বৃহস্পতিবাৰে তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ সাংসদ প্ৰাৰ্থী পল্লৱ লোচন দাসে এম জি ভি কে ভানুক বুঢ়া গৰুৰ লগত তুলনা কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "ৰাজনীতিত কোনোবাই কাৰোবাক ডেকা বুলি বা বুঢ়া বুলি ক'ব,অসংসদীয় নহ'লে সকলো ঠিকে আছে ৷ তাত ক'বলগীয়া একো নাই ৷"

আনহাতে, বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনাই অসমমালা আচঁনিৰ অধীনত দ'লগাঁৱৰ পৰা বৰছলা হৈ টুমুকিলৈ এটা বিকল্প ৰাস্তাৰ আচঁনি অন্তৰ্ভুক্ত কৰা হৈছে বুলিও সাংবাদিকৰ আগত জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details