শোণিতপুৰ, 15 জুনঃ তেজপুৰ মেডিকেল কলেজত শনিবাৰে দেখা গ'ল দুই বিপৰীত দৃশ্য ৷ এপিনে যদি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজকীয়ভাৱে আদৰাৰ প্ৰস্তুতি আনপিনে মন্ত্ৰীজনৰ অহাৰ পূৰ্বে প্ৰতিবাদ সাব্যস্ত কৰিলে কলেজখনৰ চাফাই কৰ্মীয়ে ৷ প্ৰাপ্য মজুৰি বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰিলে 127 গৰাকী চাফাই কৰ্মীয়ে ৷ কলেজখনৰ চাফাই কৰ্মী মন্তব্য অনুসৰি, বিগত তিনি মাহে মজুৰিৰ পৰা বঞ্চিত হৈ থকা কৰ্মীসকলক শীঘ্ৰে প্ৰদান কৰাৰ লগতে মজুৰি বৃদ্ধিৰ বাবে স্বাস্থ্য মন্ত্ৰী গৰাকীক লগ কৰি জনোৱাৰ বাবে অনুমোদন বিচাৰিছিল কলেজখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ কলিতাৰ পৰা ৷ কিন্তু মন্ত্ৰী গৰাকীক লগ কৰাত অনুমোদন নিদিয়াৰ লগতে কলেজখনৰ অনুষ্ঠানলৈ যোৱাত বাধা প্ৰদান কৰে বুলি অভিযোগ উত্থাপন কৰে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে ৷
এপিনে মন্ত্ৰীক আদৰাৰ প্ৰস্তুতি আনপিনে প্ৰতিবাদঃ তেজপুৰ মেডিকেল কলেজৰ অনুষ্ঠানত অথন্তৰ - protest
প্ৰাপ্য মজুৰি বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰিলে 127 গৰাকী চাফাই কৰ্মীয়ে ৷ বিগত তিনি মাহে বঞ্চিত হৈ থকা প্ৰাপ্য মজুলি মুকলি কৰি দিয়াৰ লগতে মজুৰি বৃদ্ধিৰ বাবে আৱেদন জনাবলৈ স্বাস্থ্যমন্ত্ৰী গৰাকীক লগ কৰিবলৈ কলেজখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ কলিতাৰ পৰা অনুমতি বিচাৰিছিল চাফাইকৰ্মীসকলে
এপিনে মন্ত্ৰী হিমন্তক আদৰাৰ প্ৰস্তুতি আনপিনে প্ৰতিবাদ, কিন্তু কিয়!
উল্লেখ্য যে, তেজপুৰ মেডিকেল কলেজত বিনামূলীয়া এম আৰ আই কেন্দ্ৰৰ লগতে ডায়েলাইচিছ কেন্দ্ৰৰ নৱ সংযোগ বাবে
শনিবাৰে কলেজখনত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷
Last Updated : Jun 15, 2019, 11:35 PM IST