তেজপুৰ,১ অক্টোবৰ : বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত উপস্থিত হয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত অনুষ্ঠানত বিটিচি নিৰ্বাচনৰ বাবে ডিচেম্বৰ মাহটো ধার্য কৰা হৈছে বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । বিটিচি নিৰ্বাচনৰ বাবে ৬ অক্টোবৰত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হ'ব ৷ ৭ অক্টোবৰত কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰায় নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
বৃহস্পতিবাৰে কন্যকাৰ এখন ব্যামাগাৰ উদ্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উক্ত অনুষ্ঠানত মন্ত্ৰী শৰ্মাই কয় যে "অক্টোবৰ আৰু নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত নকৰাটো কোনো ৰাজনৈতিক কথা নহয় ৷ স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি, যদি অক্টোবৰ আৰু নৱেম্বৰ মাহলৈ পৰিস্থিতি সাধাৰণ হয় তেন্তে ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট ।"