অসম

assam

Tezpur Mahavoirab Temple Visit : মহাভৈৰৱ মন্দিৰত মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

By

Published : Mar 9, 2023, 1:30 PM IST

বৃহস্পতিবাৰে পুৱা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত পূজা-অৰ্চনা কৰে (Himanta Biswa Sarma visited Mahavoirab temple) । মন্দিৰত একেলগে পূজা-অৰ্চনা কৰে কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, মন্ত্ৰী পীযূষ হাজৰীকায়ো ।

Tezpur
Tezpur

মহাভৈৰৱ মন্দিৰত মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

তেজপুৰ, ৯ মাৰ্চ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ (Baresaharia Bhaona Mahotsav 2023) পৰা বুধবাৰে নিশা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তেজপুৰলৈ আহি আৱৰ্ত ভৱনত নিশাটো কটায় (CM Himanta Biswa Sarma at Baresaharia Bhaona) । তাৰ পিছত বৃহস্পতিবাৰে পুৱা মুখ্যমন্ত্ৰীৰ (Himanta Biswa Sarma visited Mahavoirab temple) লগতে কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰীকাই ঐতিহাসিক মহাভৈৰৱ শিৱ মন্দিৰত পূজা-অৰ্চনা কৰে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ ভ্ৰমণৰ সময়ত প্ৰায়েই মহাভৈৰৱ মন্দিৰত পদাৰ্পণ কৰে (central minister Dharmendra Pradhan visited Mahavoirab temple) । একালৰ শোণিতপুৰৰ ৰজা বাণে প্ৰতিষ্ঠা কৰা এই শিৱ লিংগ এছিয়াৰ প্ৰসিদ্ধ লিংগ হিচাপে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মোৰাৰজী দেশায়ে স্বীকৃতি প্ৰদান কৰি গৈছে । জনশ্ৰুতি মতে, এই মন্দিৰৰ লিংগ প্ৰতি বছৰেই আকাৰত ডাঙৰ হৈ থাকে । মন্দিৰৰ পূজাৰীৰ মতে, লিংগত ব্যৱহাৰ কৰা মূল কাপোৰভাগ প্ৰতি বছৰে ডাঙৰকৈ বান্ধিবলগীয়া হয় ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বুধবাৰে নিশা বাৰেচহৰীয়া ভাওনা মহোৎসৱত উপস্থিত হৈ অভিভূত হৈ পৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান । কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁৰ ভাষণত কয় যে বাৰেচহৰীয়া ভাওনাৰ বিষয়ে নেচেনল বুক ট্ৰাষ্টৰ জৰিয়তে এখন গ্ৰন্থ ভাৰতৰ সকলো ভাষাতে প্ৰকাশ কৰিব । আনহাতে, মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বাৰেচহৰীয়া ভাওনাৰ থলী পকামূৰা পথাৰ পূৰ্ণাংগ ৰূপত সজাই তুলিবলৈ ২ কোটি টকাৰ অৰ্থ সাহায্য ঘোষণা কৰে । তেওঁ কয় যে হয়তো পৃথিৱীত ইংলেণ্ডৰ শ্বেক্সপীয়েৰৰ নাটকৰ বাদে ২২৬ বছৰীয়া এনে কোনো অনুষ্ঠান নাই, যি সমূহীয়া প্ৰচেষ্টাৰে ২২৬ বছৰ ধৰি একেধাৰে চলি আহিছে ।

সম্ভৱত বিশ্বৰ বহু কম ঠাইতহে এনে উৎসৱ উদযাপন কৰা হয় । এই ভাওনা উৎসৱৰ বাবে শোণিত কোঁৱৰ গজেন বৰুৱাৰ শলাগ লৈ তেওঁ কয়, যিদৰে এইবাৰ দেশৰ সকলো লোকে লাচিতৰ বিষয়ে জানিলে সেইদৰে শংকৰদেৱ আৰু এই বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ বিষয়ে জানিব লাগিব । বৃহস্পতিবাৰে পুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্ভাষণ জনোৱা হয় ।

লগতে পঢ়ক :Assam Assembly Budget Session 2023 : শুকুৰবাৰৰ পৰা বিধানসভাৰ বাজেট অধিবেশন

ABOUT THE AUTHOR

...view details