অসম

assam

By

Published : May 16, 2023, 8:50 PM IST

ETV Bharat / state

Violence Hits Manipur : ইম্ফলত সুৰক্ষা বাহিনীৰ উচ্চস্তৰীয় বৈঠক

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিত সন্দৰ্ভত ইম্ফলত সেনাৰ যুটীয়া বৈঠক । বৈঠকত অংশগ্ৰহণ কৰে ভাৰতীয় সেনা, অসম ৰাইফলছ, মণিপুৰ আৰক্ষী, চিআৰপিএফ, বিএছএফ আৰু আৰএএফৰ জ্যেষ্ঠ বিষয়াসকলে (High level security meeting in Imphal) ।

Violence Hits Manipur
Violence Hits Manipur

তেজপুৰ, ১৬ মে' :মণিপুৰৰ ৰাজধানী ইম্ফলত মঙলবাৰে প্ৰথম অসম ৰাইফলছৰ অধীনত এক উচ্চস্তৰীয় সুৰক্ষা বৈঠক অনুষ্ঠিত হয় (Assam Rifles security meeting in Imphal) । উল্লেখ্য, যোৱা ৩ মে'ৰ পৰা ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰে সেনাৰ লগতে বিভিন্ন সুৰক্ষা বাহিনীয়ে (violence hits Manipur) । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে মঙলবাৰে জনায় যে, ৰাজধানী ইম্ফল চহৰত নিয়োজিত সকলো কেন্দ্ৰীয় আৰু ৰাজ্যিক সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলে প্ৰথম মণিপুৰ ৰাইফলছত এখন নিৰাপত্তা আৰু সমন্বয় সভা অনুষ্ঠিত কৰে (Army security officers meeting in Imphal) ।

এই সুৰক্ষা সভাত সেনা, অসম ৰাইফলছ, মণিপুৰ আৰক্ষী, চিআৰপিএফ, বিএছএফ আৰু আৰএএফৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে । আছাম ৰাইফলছে বৈঠকৰ পৰিচালনা কৰাৰ লগতে ভৱিষ্যতে আকস্মিক পৰিস্থিতিৰ সৃষ্টি হ’লে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ ওপৰত আলোচনা কৰে (Assam Rifles security review meeting in Imphal) । ইম্ফল চহৰত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে সকলো নিৰাপত্তা বাহিনীৰ প্ৰচেষ্টাক একত্ৰিত কৰাৰ পদক্ষেপৰ বিষয়েও অংশগ্ৰহণকাৰীসকলে আলোচনা কৰে বুলি তেওঁ জানিবলৈ দিয়ে (High level security meeting in Imphal) ।

উল্লেখযোগ্য যে, ১২৮ টাতকৈও অধিক সেনা আৰু অসম ৰাইফলছ দল, মানৱবিহীন বিমান, আৰ পি এসমূহে নিৰৱচ্ছিন্নভাৱে অঞ্চলটোত হিংসা নিয়ন্ত্ৰণৰ কামত নিয়োজিত হৈ সম্পূৰ্ণ স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ কৰাটো নিশ্চিত কৰিছে । বিগত ৭২ ঘণ্টাত ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি চিনাক্ত কৰা স্পৰ্শকাতৰ অঞ্চললৈ সুসজ্জিত টহলদাৰী বাহিনী আৰু অসম ৰাইফলছৰ মহিলা দল প্ৰেৰণ কৰা হৈছে । ইফালে বিদ্ৰোহী গোটসমূহৰ পৰা হ’ব পৰা যিকোনো দুৰ্ঘটনাক ৰোধ কৰিবলৈ ভাৰত-ম্যানমাৰ সীমান্তত আধিপত্যৰ বাবে ব্যৱহাৰ কৰা কোৱাডকপ্টাৰ, ট্ৰেকাৰ ডগ আৰু ইউএভিৰ নিয়োগো ফলপ্ৰসূভাৱে গ্ৰহণ কৰা হৈছে ।

ডমিনেচন পেট্ৰ'লৰ জৰিয়তে ২৪ ঘণ্টাই নিৰীক্ষণ কৰাকে ধৰি ইউএভি, কোৱাডকপ্টাৰ আৰু ট্ৰেকাৰ ডগ নিয়োগ কৰি সাম্প্ৰতিক পৰিস্থিতিৰ সুবিধা লোৱাত বিভিন্ন বিদ্ৰোহী গোটক বাধা দিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Threats to blow up school again in Delhi: দিল্লীৰ বিদ্যালয়ত পুনৰ বোমৰ আতংক

ABOUT THE AUTHOR

...view details