অসম

assam

ETV Bharat / state

বাহন চলাচলত নিষেধাজ্ঞা: তেজপুৰত বানে ছিঙিলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ - বাহন চলাচলত নিষেধাজ্ঞা

তেজপুৰ শিৱ মন্দিৰৰ ওচৰত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰে গধুৰ বাহন চলাচলত নিষেধাজ্ঞা জাৰি (Flood in Tezpur)। তেজপুৰ বিহগুড়ি শিৱ মন্দিৰৰ সমীপত যোৱা নিশা গাভৰু নদীৰ বাঢ়নী পানীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ ফলত আজি জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথৰে গধুৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে Heavy vehicles are banned from traveling)।

flood-in-tezpur
বাহন চলাচলত নিষেধাজ্ঞা: বানে ছিঙিলে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : Jul 1, 2022, 2:11 PM IST

তেজপুৰ, 1 জুন:ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা ৷ বৃহস্পতিবাৰে নিশা হঠাৎ ফেনে ফুটুকাৰে বাঢ়ি আহিল গাভৰু নৈৰ পানী ৷ তেজপুৰ শিৱ মন্দিৰৰ ওচৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰাৰ ফলত শিৱ মন্দিৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ কিছু অংশ ভাঙি যায় (Flood in Tezpur)৷

ফলস্বৰূপে এক বিপদসংকুল অৱস্থাত যান-বাহন চলাচল কৰিবলৈ লয় যদিও জিলা প্ৰশাসনে উক্ত পথটো তাৎক্ষণিকভাৱে গধুৰ যান-বাহনৰ বাবে বন্ধ কৰি দিয়ে (Heavy vehicles are banned from traveling on NH-15)। বৰ্তমান পথটোৰে যাত্ৰী কঢ়িয়াই নিয়া বাহনসমূহে যাত্ৰী নমাই বাহনসমূহ পাৰ কৰে ৷ লগতে গধুৰ বাহন চলাচল কৰাত নিষেধাজ্ঞা জাৰি কৰিছে শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুমিতা দাসে (ASP Madhumita Das)।

আনহাতে, সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ অসমৰ কেইবাখনো জিলা অত্যাধিক বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে । বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ (National Highway closed)। অৱশ্যে গহপুৰ মহকুমাত বৃস্পতিবাৰৰ তুলনাত পথৰ পানী কিছু পৰিমাণে কমিছে ।

উল্লেখ্য যে, ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত ব্ৰহ্মপুত্ৰৰ উপনৈসমূহ ফেনে ফুটুকাৰে উফন্দী অহাৰ ফলত প্লাবিত হৈছে কেইবাখনো গাঁও, বিদ্যালয়, চিকিৎসা কেন্দ্ৰ ।

লগতে পঢ়ক:গাভৰু নৈৰ বাঢ়নি পানীয়ে বুৰালে বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details