অসম

assam

ETV Bharat / state

চিকিমত আৰম্ভ প্ৰচণ্ড তুষাৰপাত - উত্তৰ-পূৰ্বাঞ্চলৰ চিকিম

প্ৰচণ্ড তুষাৰপাতে কঁপাইছে চিকিমৰ বিভিন্ন অঞ্চল ৷ স্তব্ধ হৈ পৰিছে জনজীৱন ৷

চিকিমত তুষাৰপাত
চিকিমত তুষাৰপাত

By

Published : Jan 4, 2020, 2:23 PM IST

তেজপুৰ, 4 জানুৱাৰী:হিম চেঁচা শীতে কঁপাইছেউত্তৰ-পূৰ্বাঞ্চলৰ চিকিম ৷ আৰম্ভ হৈছে তুষাৰপাত ৷ বছৰৰ প্ৰথম তুষাৰপাতত স্তব্ধ হৈ পৰিছে চিকিমৰ জনজীৱন ৷ শুকুৰবাৰে বিয়লিৰ পৰা আৰম্ভ হোৱা এই তুষাৰপাতৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷

চিকিমৰ বিভিন্ন অঞ্চলত আৰম্ভ তুষাৰপাত

চিকিমৰ চৰকাৰী তথ্য অনুসৰি উত্তৰ আৰু পূব চিকিমত আগন্তুক সময়ত অধিক বৃদ্ধি পাব তুষাৰ আৰু বৃষ্টিপাতৰ সম্ভাৱনা৷ ইতিমধ্যে পূৱ চিকিমৰ লাচেন, লাচুং, যুলোক, কুপআপআদি সমগ্ৰ অঞ্চল ঢাকি ধৰিছে বৰফে ৷

হিম চেঁচা শীতে কঁপাইছে উত্তৰ-পূৰ্বাঞ্চলৰ চিকিম

ইয়োৰোপৰি দাৰ্জিলিঙৰো বহু অঞ্চল বৰফে আৱৰি ধৰিছে ৷ যাৰ ফলত পৰ্যটক সকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে যদিও এই তুষাৰ বৃষ্টিৰ আমেজ উপভোগো কৰিছে ৷

লগতে পঢ়ক: ন ৰূপত সাজু লাওখোৱা আৰু বুঢ়াচাপৰি বনাঞ্চল

ABOUT THE AUTHOR

...view details