অসম

assam

ETV Bharat / state

অৰুণাচলৰ ভয়াৱহ ভূমিস্খলনত নিহত এজন - landslide

ইটানগৰ-গহপুৰ সংযোগী গড়কাপ্তানি পথৰ চন্দন নগৰস্থিত অৰুণাচল প্ৰদেশ পুলিচ হেড কোৱাটাৰ সমীপত সংঘটিত হোৱা ভূমিস্খলনত দুজন লোক থিতাতে নিহত হোৱা উপৰিও আন দুজন লোক গুৰুত্বভাবে আহত, এতিয়াও সন্ধানহীন এজন বাইক আৰোহী ৷

অৰুণাচলত ভয়াবহ ভূমিস্খলনত নিহত দুজন

By

Published : Jul 17, 2019, 9:21 PM IST

Updated : Jul 17, 2019, 9:47 PM IST

তেজপুৰ, 17 জুলাইঃ বুধবাৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত এক ভয়াবহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ ইটানগৰ-গহপুৰ সংযোগী গড়কাপ্তানি পথৰ চন্দন নগৰস্থিত অৰুণাচল প্ৰদেশ পুলিচ হেড কোৱাটাৰ সমীপত সংঘটিত হোৱা এই ভূমিস্খলনত টাৰিন মাচু (৪০) আৰু বিৰি টাথ (৫৫) নামৰ দুজন লোক থিতাতে নিহত হোৱা উপৰিও আন দুজন লোক গুৰুত্বভাবে আহত হৈছে ৷ ইয়াৰোপৰি এজন বাইক আৰোহী বৰ্তমানেও সন্ধানহীন হৈ আছে ৷ লগতে ভূমিস্খলনৰ ফলত কেইবাখনো যান-বাহন মাটিত পোত গৈছে বুলি জানিব পৰা গৈছে ৷ প্ৰশাসনে চি আৰ পি এফ, এছ ডি আৰ এফ, আই টি বি পিৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে ইটানগৰ সংযোগী পথ বন্ধ হৈ আছে ৷

অৰুণাচলত ভয়াবহ ভূমিস্খলনত নিহত দুজন
Last Updated : Jul 17, 2019, 9:47 PM IST

ABOUT THE AUTHOR

...view details