তেজপুৰ, 21 জুলাই : শোণিতপুৰ জিলাৰ 72 নং বৰছলা বিধানসভা সমষ্টিৰ বৰছলাত বুধবাৰে ক’ভিড প্ৰতিষেধক (Covid Vaccine) প্ৰদানক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ বৰভগীয়াৰ হৰগৌৰী মন্দিৰত বৰছলা নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু বৰছলা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হৈছিল এই ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৷ প্ৰতিষেধক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে বিভ্ৰান্তিৰ সৃষ্টি কৰে কোনো দুষ্টচক্ৰই ৷ লগে লগে উত্তেজিত হৈ স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰিবলৈ উদ্যত হয় একাংশ লোকে ।
একাংশ উত্তেজিত লোকে স্বাস্থ্য কৰ্মীলৈ লক্ষ্য কৰি শিল-ইটা নিক্ষেপ কৰে ৷ অৱশ্যে সৌভাগ্যক্ৰমে স্বাস্থ্য কৰ্মীৰ দলটোৰ প্ৰাণ ৰক্ষা পৰে । ঘটনাস্থলীত বৰছলা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে স্বাস্থ্য কৰ্মীৰ দলটোক উদ্ধাৰ কৰে ।
ইফালে বৰছলা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা(Gorkha Students Union)ই বৰভগীয়া পঞ্চায়তৰ সভাপতিয়ে নিজৰ ৰাজনৈতিক ক্ষমতাৰ অপপ্ৰয়োগ কৰি এচাম লোকক প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ।