বিগত ৫ বছৰৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ দৰে ভাৰতে তাৎক্ষণিক ভাৱে যিকোনো ধৰণৰ স্থিতি গ্ৰহণ কৰিব পৰা হৈছে । শোণিতপুৰ জিলাৰতেজপুৰস্থিত হলেশ্বেৰত এক দলীয় সভাত অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ।
তেজপুৰত পুৱাই উপস্থিত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা - surgical strike
"চাৰ্জিকেল ষ্ট্ৰাইক" ৰে ভাৰতে পাকিস্তানক এসেকা দিলেঃ হিমন্ত বিশ্ব শৰ্মা
স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ইয়াৰ ওপৰিও স্বাস্থ্যমন্ত্ৰী জনে কয় যে ভাৰত বৰ্ষই সময়ৰ লগে লগে পৃথিৱীৰ অন্যান্য আগশাৰীৰ ৰাষ্ট্ৰৰ সমানে অগ্ৰগতি লাভ কৰিছে । তদুপৰি তেখেতে কয় যে উৰিৰ ঘটনা সংঘটিত হোৱাৰ পাচত ভাৰতে যিদৰে "চাৰ্জিকেলষ্ট্ৰাইক" কৰি যোগ্য উত্তৰ দিছিল ,তাৰ পাচতে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাচত ভাৰতে পাকিস্তানৰ ভিতৰত সোমাই যুদ্ধ জাহাজৰ জৰিয়তে পাকিস্তানক এক শিক্ষা দিলে ।