অসম

assam

ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ জ'নেল কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ - হিমন্ত বিশ্ব শৰ্মা

দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ জ'নেল কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । জেনেৰেল পৰীক্ষাৰ পৰিৱৰ্তে সকলো বহিঃৰাজ্যৰ পৰা অহা লোকৰ শ্বোৱাব পৰীক্ষা কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

himanta biswa sarma visited zonal quarantine centre of tezpur university
himanta biswa sarma visited zonal quarantine centre of tezpur university

By

Published : May 10, 2020, 9:37 PM IST

তেজপুৰ, 10 মে': অসমত এতিয়াও কৰ'ণাৰ সামূহিক সংক্ৰমণ হোৱা নাই । এহেজাৰ গৰাকী লোক যদি সংক্ৰমিত হয় তেতিয়াহে তাক সামূহিক সংক্ৰমন বুলি কোৱা হ'ব, গতিকে জনসাধাৰাণ শংকিত হোৱাৰ কাৰণ নাই । এই মন্তব্য প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

দেওবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ জ'নেল কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, এতিয়াৰে পৰা কোৱাৰেণ্টাইনসমূহত জেনেৰেল পৰীক্ষা কৰা নহয় । কেৱল শ্বোৱাব পৰীক্ষা কৰা হ'ব সকলো বহিঃৰাজ্যৰ পৰা অহা লোকৰ । লগতে পূৰ্বতকৈ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া হ'ব বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । তেজপুৰত বৰ্তমানলৈকে ১২৬ জন লোক বহিঃৰাজ্যৰ পৰা আহি পাইছে ।

লগতে পঢ়কঃৰঙিয়াৰ 8 পৰিয়ালক হোম কোৱাৰেণ্টাইন

ABOUT THE AUTHOR

...view details