চতিয়া, 2 অক্টোবৰ: সন্দেহজনক নাগৰিকৰ আক্ৰমণত জামুগুৰিহাটৰ চকীঘাটত দুমাহ পূৰ্বে আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়া সহিতে ১৫জনকৈ খিলঞ্জীয়া লোক আহত হোৱাৰ পাছত বৃহস্পতিবাৰে সেই স্থানত উপস্থিত হৈ তেজপুৰ আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
চতিয়াৰ চকীঘাটত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ - আইন মহাবিদ্যালয়
প্ৰায় ১৪ কোটি টকাৰ ব্যয়ৰে চকীঘাটত নিৰ্মাণ হ'ব লগা আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
চতিয়াৰ চকীঘাটত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ
প্ৰায় ১৪ কোটি টকাৰ ব্যয়ৰে চকীঘাটত নিৰ্মাণ হ'বলগা আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সন্দেহজনক নাগৰিকৰ কবলৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে মুক্ত কৰা চৰকাৰী ভূমি ৫০টাকৈ আত্মসহায়ক গোটক কৃষি কাৰ্য কৰিবলৈ আবন্টন দিয়াৰ পাছত সেই সমুহ গোটক আজি মন্ত্ৰী গৰাকীয়ে মাটি আবন্টনৰ প্ৰমাণ প্ৰত্রও প্ৰদান কৰে।
ইফালে দিনজোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিলৈ অহা মন্ত্ৰী গৰাকীৰ লগত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,সাংসদ পল্লব লোচন দাসৰ লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ও উপস্থিত থাকে ।