তেজপুৰ,২ আগষ্টঃদেওবাৰেশোণিতপুৰ জিলাৰ তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ দ্বিতীয়তো প্লাজমা সংৰক্ষণ কেন্দ্র উদ্বোধন কৰি শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
শোণিতপুৰ জিলাৰ উপায়ুক্তৰ সভা কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক ১৪% শতাংশ COVID-19 পজিটিভ ৰোগীৰে শোণিতপুৰ জিলা কৰ'ণা সংক্ৰমণৰ ক্ষেত্ৰত গুৱাহাটীৰ পিছতে যোৱা তিনিদিনত প্ৰথম স্থানত আছে আৰু উজনি অসমৰ ডিব্ৰুগড় জিলা দ্বিতীয় স্থানত আছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । অসমত বৰ্তমানলৈকে গণ সংক্ৰমণ হোৱা নাই, অসমত স্থানীয় সংক্ৰমণহে হোৱা পৰিলক্ষিত হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । স্বাস্থ্য মন্ত্ৰী ড৹ শৰ্মাই সাংবাদিকৰ আগত কয় যে, এই ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ ইতিমধ্যে জিলা প্ৰশাসনক দৈনিক পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ দৈনিক ২০০০ জনলৈকে পৰীক্ষা কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । লগতে এই সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিহে লক্ ডাউন সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ কথা চিন্তা কৰিব বুলি জনায় । আনহাতে জিলা প্ৰশাসনে এইবাৰৰ পৰা যদি কোনো এখন ব্যৱসায় প্ৰতিষ্ঠাৰ কৰ্মচাৰীৰ COVID-19 পজিটিভ পায় তেন্তে উক্ত ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে কাৰণ ব্যৱসায় যদি বন্ধ হয় আর্থিক দিশত ক্ষতি সাধন কৰে । স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উল্লেখযোগ্য যে, শিক্ষানুষ্ঠান সমূহ খোলাৰ বিষয়ে ইতিমধ্যে চৰকাৰে অহা ২০ আগষ্ট ভিতৰত ৰাইজৰ লগত পৰ্যালোচনা চলাই অহা ছেপ্টেম্বৰ মাহৰ পৰা খোলা-নোখোলাৰ চিন্তা কৰিব বুলিও জানিবলৈ দিয়ে । লগতে তেজপুৰ মেডিকেল কলেজ চিকিৎসালয়ত আই চি উ ৰ সংখ্যা ৩৬ টালৈ বৃদ্ধি কৰিব । আনহাতে কংগ্ৰেছ দললৈও এক আহ্বান জনায় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ কংগ্ৰেছ দলৰ সংক্ৰমিত হৈ সুস্থ হোৱা লোকক প্লাজমা দান কৰিবলৈ আহ্বান জনালে ড৹ হিমন্ত বিশ্ব শৰ্মাই ।লগতে পঢ়কঃইন্টাৰনেশ্বনেল স্পেছ ষ্টেচনৰ পৰা উভটিল স্পেছ এক্সৰ ড্ৰেগন ক্ৰিউ