অসম

assam

ETV Bharat / state

Domestic violence case in Tezpur: সাহিত্য সভাৰ সম্পাদকৰ অত্যাচাৰত অতিষ্ঠ পত্নীয়ে কাষ চাপিছে আৰক্ষীৰ - শাৰীৰিক তথা মানসিক নিৰ্যাতন

পুনৰবাৰ পোহৰলৈ আহিছে নাৰী নিৰ্যাতনৰ দৰে আন এক জঘন্য ঘটনা (Domestic violence case in Tezpur) ৷ এইবাৰ নাম সাঙোৰ খাইছে শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদকগৰাকীৰ ৷ পেছাত কেৰাণী, সাংবাদিক তথা সাহিত্য সভাৰে জড়িত বিষয়-ববীয়া স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগীৰ ৷ ন্যায়ৰ অপেক্ষাত বন্দী এগৰাকী নাৰী ৷

Harassment of wife by husband and his family at Thelamara
সাহিত্য সভাৰ সম্পাদকৰ অত্যাচাৰত অতিষ্ঠ পত্নীয়ে কাষ চাপিছে আৰক্ষীৰ

By

Published : Dec 1, 2022, 9:22 PM IST

তেজপুৰ, 1 ডিচেম্বৰ :‘‘মোৰ স্বামী শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক আৰু এখন বিদ্যালয়ৰ কেৰাণী । দেওৰ ঠেলামৰা আৰক্ষীৰ এগৰাকী আৰক্ষী । স্বামী আৰু পৰিয়ালৰ লোকে যোৱা ছবছৰ ধৰি মোক শাৰীৰিক নিৰ্যাতন চলাই আহিছে । স্বামীয়ে নিশা মোক মাৰধৰ কৰে আৰু দিনত পৰিয়ালৰ লোকে । মোক ডিঙি চেপি হত্যাৰ চেষ্টাও চলায়’’ । এয়া এগৰাকী নিৰ্যাতিত মহিলাৰ মন্তব্য (Domestic violence case in Tezpur)।

সাহিত্য সভাৰ সম্পাদকৰ অত্যাচাৰত অতিষ্ঠ পত্নীয়ে কাষ চাপিছে আৰক্ষীৰ

নাৰী নিৰ্যাতনৰ ঘটনাত এইবাৰ নাম সাঙোৰ খাইছে শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথৰ ৷ সাহিত্য সভাৰে জড়িত হোৱাৰ উপৰিও অভিযুক্ত নাথ পেছাত এজন কেৰাণী ৷ অভিযুক্ত নাথৰ বিৰুদ্ধে উত্থাপিত হৈছে পত্নীক শাৰীৰিক নিৰ্যাতন কৰাৰ এক গুৰুতৰ অভিযোগ (Harassment of wife by husband and his family at Thelamara) ৷ শাৰীৰিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি উপায়ন্তৰ হৈ তেওঁৰ পত্নীয়ে শোণিতপুৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰে এক এজাহাৰ ৷

অভিযোগ অনুসৰি, 14 বছৰ ধৰি সাংসাৰিক জীৱন কটোৱা ঠেলামৰাৰ দুলাল নাথ শেহতীয়াকৈ পৰকীয়া প্ৰেমত মত্ত ৷ পৰকীয়া প্ৰেমত পৰি নাথে নিজ পত্নীৰ ওপৰত কিছু দিনৰ পৰা চলাই আহিছে অকথ্য শাৰীৰিক তথা মানসিক নিৰ্যাতন ৷ এইক্ষেত্ৰত নাথৰ পৰিয়ালেও হাত উজান দিয়াৰ অভিযোগ উঠিছে ৷ নিশা হ’লে স্বামীৰ অত্যাচাৰ আৰু দিনত স্বামীৰ পৰিয়ালৰ অত্যাচাৰ ৷ ফলত উপায়ন্তৰ দুৰ্ভগীয়া মহিলাগৰাকীয়ে প্ৰাণৰ মমতাত স্বামীগৃহ ত্যাগ কৰি মাতৃগৃহত উপস্থিত হয়গৈ ৷

ইমানৰ পিছত ভুক্তভোগী মহিলাগৰাকীৰ লগতে মাতৃগৃহৰ পৰিয়ালে অত্যাচাৰী স্বামী তথা স্বামীগৃহলৈ ওভতাই পঠাব বিচৰা নাই ৷ ইয়াৰ বিপৰীতে মহিলাগৰাকীয়ে ন্যায় বিচাৰি কাষ চাপিছিল আৰক্ষীৰ ৷ কিন্তু অভিযুক্ত স্বামীৰ ভাতৃ তথা মহিলাগৰাকীৰ দেওৰ অসম আৰক্ষীত কৰ্মৰত হোৱা হেতুকে ভুক্তভোগী মহিলাগৰাকীয়ে স্থানীয় আৰক্ষী থানাত গোচৰ তৰাৰ পিছতো আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

উপায়ন্তৰ হৈ ভুক্তভোগী মহিলাগৰাকীয়ে কাষ চাপে শোণিতপুৰ আৰক্ষী অধীক্ষকৰ ৷ লগতে অধীক্ষকগৰাকীক নিজ হাতে দিয়ে এজাহাৰ পত্ৰখন ৷ এই এজাহাৰৰ পাচতেই তাৎক্ষণিকভাৱে ঠেলামৰা থানাত ভাৰতীয় দণ্ডবিধি অনুসৰি, 498, 323/34 ৰ অধীনৰ 109/22 নঙত ৰুজু কৰা হয় এক গোচৰ ৷ এই গোচৰৰ আধাৰতে ইতিমধ্যে আৰক্ষীয়ে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

ইফালে, সভাই-সমিতিয়ে ডিঙিৰ শিৰ ফুলাই সমাজত উচ্চ আসন লাভ কৰা অভিযুক্ত দুলাল নাথে সমাজত কি নীতি শিক্ষা প্ৰদান কৰিব বুলিও বিভিন্নজনে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ৷ তাৰোপৰি সংবাদক্ষেত্ৰৰে জড়িত নাথে নিজৰ কুকৰ্মৰ বাবে সংবাদ শিৰোনাম দখল কৰা বিষয়টোক লৈও চৰ্চা চলিছে এতিয়া তেজপুৰ তথা ঠেলামৰাত ৷

লগতে পঢ়ক :Father sexually assaulting minor stepdaughter: ধৰ্ষণকাৰী সতিয়া পিতৃক ২০ বছৰৰ কাৰাদণ্ড

ABOUT THE AUTHOR

...view details