তেজপুৰ, ২৭ মে': কেন্দ্ৰীয় চৰকাৰৰ উদান আঁচনিৰ জৰিয়তে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে । ফলস্বৰূপে এই আঁচনিৰ জৰিয়তে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ সদৰ পাছিঘাটৰ পৰা গুৱাহাটী আৰু কলকাতালৈ যাত্রীবাহী বিমানৰ সফল আৰম্ভণি হৈছে । মাত্ৰ ১,১৯৯ টকাত বিমান যোগে গুৱাহাটীৰ পৰা পাছিঘাটলৈ যাব পাৰিব এজন সাধাৰণ ব্যক্তিয়ে । আনহাতে পাছিঘাটৰ পৰা গুৱাহাটী হৈ কলকাতা লৈ যাব পাৰিব মাত্ৰ ২,৩৯৯ টকাত ।
পাছিঘাটৰ বিমান বিভাগৰ বিষয়া গগম টাইয়ে কোৱা মতে বৰ্তমান প্ৰথম সপ্তাহত সোমবাৰ, মঙলবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে এই বিমান চলাচল আৰম্ভ কৰা হৈছে । গুৱাহাটীৰ পৰা মাত্ৰ ১ ঘণ্টা ২০ মিনিটত অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত পাছিঘাট উপস্থিত হ'ব পৰা এই বিমান ফ্লায়বিগ FlyBig বিমান সেৱাৰ ATR 72ৰ দ্বাৰা চলোৱা হৈছে ।
দেওবাৰে এই বিমান প্ৰথম বাৰৰ বাবে অৱতৰণ কৰিছিল আৰু সোমবাৰে বৈমানিকৰ প্ৰশিক্ষণ চলিছিল গুৱাহাটী, ডিব্ৰুগড় আৰু পাছিঘাটৰ মাজত আৰু মঙলবাৰে এগৰাকী যাত্রী লৈ পাছিঘাটৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰে । কিন্তু বুধবাৰে বিমান ১০ গৰাকী যাত্ৰী লৈ গুৱাহাটীত উপস্থিত হয় ।