অসম

assam

By

Published : Dec 14, 2019, 4:35 PM IST

ETV Bharat / state

গুৱাহাটী,শোণিতপুৰত বিয়লিলৈ শিথিল সান্ধ্য আইন

ইফালে নাগৰিকত্ব সংশোধনী আইনক লৈ এতিয়াও ঠায়ে ঠায়ে অব্যাহত আছে প্ৰতিবাদ ৷ গুৱাহাটীত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱা ৬ বজাৰে পৰা অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰে। মহানগৰীৰ মালিগাঁৱত ৰে'ল পথ অৱৰোধ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। শোণিতপুৰ জিলাতো শনিবাৰে পুৱাৰে পৰা সন্ধিয়া ৫ বজালৈ শিথিল কৰি দিয়া হৈছে সান্ধ্য আইন ৷

guwahati and sonitpur current situation
গুৱাহাটী, শোণিতপুৰত বিয়লিলৈ শিথিল সান্ধ্য আইন

গুৱাহাটী, তেজপুৰ,14 ডিচেম্বৰঃৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও প্ৰতিবাদ অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৷ গুৱাহাটী মহানগৰীতো ঠায়ে ঠায়ে কমা নাই প্ৰতিবাদৰ জোৱাৰ ৷ মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত এই আইনখনৰ বিৰুদ্ধে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱা ৬ বজাৰে পৰা অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰে ।

তেজপুৰৰ অৱস্থা

ইফালে শনিবাৰে মহানগৰীৰ মালিগাঁৱত ৰে'ল পথ অৱৰোধ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। গুৱাহাটী-হাওৰা ৰে'ল অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে সংগঠনটোৱে। অসমীয়াৰ আৱেগ অনুভূতিক কুঠাৰঘাত কৰি আইনলৈ ৰূপান্তৰিত কৰা নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ।অহিংসা আন্দোলনৰ লগতে আইনী যুঁজ কৰি যাব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে। বিজেপি-RSS হায় হায়,সংশোধিত নাগৰিকত্ব আইন নামানো আদি শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। উল্লেখযোগ্য যে,পুৱা ৬ বজাৰ বিয়লি ৪ বজালৈ গুৱাহাটীত শিথিল কৰা হৈছে সান্ধ্য আইন ।

গুৱাহাটীত প্ৰতিবাদ

শোণিতপুৰ জিলাতো শনিবাৰে পুৱাৰে পৰা সন্ধিয়া ৫ বজালৈ শিথিল কৰি দিয়া হৈছে সান্ধ্য আইন ৷ এই তথ্য শোণিতপুৰ জিলাৰ দণ্ডাধীশ তথা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ। ই টি ভি ভাৰতৰ লগত হোৱা এক সুকীয়া সাক্ষাৎকাৰত এই কথা জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ দণ্ডাধীশ গৰাকীয়ে ৷ জিলা প্ৰশাসনে ইতিমধ্যে স্পৰ্শকাতৰ অঞ্চলত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ মোতায়েন কৰিছে আৰু প্ৰত্যেক থানাৰ অন্তৰ্গত এলেকাত সেনাবাহিনী তহলদাৰী চলি আছে। প্ৰশাসনৰ তৰফৰ পৰা সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়। আনহাতে শনিবাৰে একাংশ ব্যৱসায় প্ৰতিষ্ঠান খুলিছে যদিও সীমাবদ্ধতাৰ মাজত। শোণিতপুৰ জিলাত ইতিমধ্যে ইণ্টাৰনেট সেৱা সম্পূৰ্ণ ৰূপে বন্ধ কৰি ৰখা হৈছে।

খানাপাৰাত প্ৰতিবাদ

লগতে পঢ়কঃ পৰম্পৰাগত পোছাকেৰে লখিমপুৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details