অসম

assam

ETV Bharat / state

গুণোৎসৱৰ পৰিৱেশ সকলো সময়তে অক্ষুন্ন ৰাখিবলৈ আহ্বান শোণিতপুৰৰ জিলা আয়ুক্তৰ - বিধায়ক পৃথ্বিৰাজ ৰাভা

Gunotsav in Sonitpur: তেজপুৰৰ গুণোৎসৱত বিদ্যালয়ে বিদ্যালয়ে বিধায়ক পৃথ্বিৰাজ ৰাভাৰ পাঠদান । সাধাৰণ জ্ঞান, মৌখিক আৰু আখৰ জোঁটনি শিকালে বিধায়কগৰাকীয়ে ।

MLA Prithviraj Rabha in Tezpur
বিদ্যালয়ে বিদ্যালয়ে বিধায়ক

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 8:22 PM IST

তেজপুৰ, ১০ জানুৱাৰী :আজিৰ পৰা বহিঃ মূল্যায়নৰে তিনিদিনীয়াকৈ শোণিতপুৰ জিলাত অনুষ্ঠিত গুণোৎসৱত শোণিতপুৰৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই তেজপুৰৰ কেইবাখনো বিদ্যালয়ত শিক্ষাৰ্থী সকলক পাঠদান কৰে । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ পৰা অনেক প্ৰাতঃস্মৰণীয় পুৰোধাই অধ্যয়ন কৰা ১৮৬৮ চনতে প্ৰতিষ্ঠিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়ুক্তগৰাকী উপস্থিত হৈ প্ৰাতঃসভাত অংশ গ্ৰহণ কৰে । ইয়াৰ পিছত ভাষণ প্ৰদান কৰি বিদ্যালয়খনৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনায় ।

জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয় সমূহত এনে গুণোৎসৱৰ পৰিৱেশ মাত্ৰ এদিন বা দুদিনতে সীমাৱদ্ধ নাৰাখি সকলো সময়তে এনে পৰিৱেশ যাতে অক্ষুন্ন থাকে তাৰ বাবেও তেওঁ আহ্বান জনায় । আনহাতে, এনে পৰিৱেশত শৈশৱৰ স্মৃতিত কাতৰ হৈ পৰা আয়ুক্ত গৰাকীয়ে বিদ্যালয়ত পঢ়ি থকা সময়ত বিশেষকৈ শীতকালত যেতিয়া কোনো দিন যদি প্ৰাৰ্থনা সভাত উপস্থিত থাকিব নোৱাৰিছিল সেই দিনটোত যথেষ্ট মনোকষ্ট পাইছিল বুলি মন্তব্য কৰে । জিলাৰ আয়ুক্ত হৈ থকাৰ সময়ত যেতিয়া কোনো লোকে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলো বুলি কৈ গৌৰৱ কৰে তেতিয়া তেওঁৰো যথেষ্ট ভাল লাগে বুলি কয় । বিদ্যালয়খনৰ গৌৰৱৰ ধাৰাবাহিকতা যাতে সদায় অক্ষুন্ন থাকে তাৰ বাবে শিক্ষাৰ্থী সকলক বিশেষ ভাৱে মন দিবলৈ আহ্বান জনায় ।

ইয়াৰ পিছতেই বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা বিদ্যালয়খনত অধ্যক্ষ ৰিঞ্জুমনি নেওগ বৰাৰ উপস্থিতিত শিক্ষাৰ্থী সকলক পাঠদান কৰে । পিছত তেজপুৰ চহৰৰ বেংগলী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বিধায়ক গৰাকী উপস্থিত হয় । বিদ্যালয়খনত স্হানীয় বিধায়ক গৰাকী উপস্থিত হোৱাৰ পিছতেই অধ্যক্ষ স্বপন কুমাৰ সৰকাৰ আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ উপস্থিতিত পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা একালৰ ৰঞ্জী খেলুৱৈ গৌতম দাসে বিধায়ক গৰাকীক আদৰণি জনায় ।

বিধায়ক পৃথ্বিৰাজ ৰাভাই শ্ৰেণী কক্ষলৈ গৈ শিক্ষাৰ্থী সকলক প্ৰথমেই গুণোৎসৱৰ তাৎপৰ্যৰ বিষয়ে ব্য়াখ্য়া কৰাৰ লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্নৰে পাঠদান কৰে । আনহাতে, বিধায়ক পৃথ্বিৰাজ ৰাভাই আজিৰ দিনটোতে অসম চৰকাৰৰ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইট এণ্ড কালচাৰেল ডিপাৰ্টমেন্টৰ যুটীয়া সচিব আত্ৰেয়ী গোস্বামী এক্সাটাৰনেল ইভালুৱেটৰ হিচাপে উপস্থিত থকা গান্ধী মেম'ৰিয়েল প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ যুটীয়া সচিব গোস্বামীৰ সৈতে মত বিনিময় কৰাৰ পিছত শিক্ষাৰ্থী সকলক সাধাৰণ গণিত আৰু মৌখিকৰ পাঠদান কৰে । উল্লেখ্য যে আজিৰ প্ৰথম দিনটোতে বিধায়ক গৰাকীয়ে ১ নং ঔগুৰি প্ৰাথমিক বিদ্যালয়তো শিক্ষাৰ্থী সকলক আখৰ জোঁটনিৰ পাঠদান কৰে ।

লগতে পঢ়ক:নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

ABOUT THE AUTHOR

...view details