তেজপুৰ, ১৬ মেঃ ৰঙাপৰাঃ বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ভকতগাঁৱত সমূহীয়া বিবাহ অনুষ্ঠিত হয়। ইয়াকে লৈ গাঁওখনত পুৱাৰে পৰা এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আয়তী সকলৰ বিয়া নাম আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰে চাৰিদুৱাৰ অঞ্চল মুখৰিত হৈ পৰে। উল্লেখ্য যে,আৰ্থিক তথা সামাজিক কেতবোৰ কাৰণত বিয়াত বহিবলৈ অসমৰ্থ একাংশ লোকক সামাজিকভাৱে বিবাহ কাৰ্য সম্পাদন কৰি সহায় কৰিলে ভকতগাওঁবাসী ৰাইজে। উক্ত কাৰ্যৰ বাবে ভকত গাঁওবাসী ৰাইজক সকলোৱে ধন্যবাদৰ লগতে কৃতজ্ঞতা জনাইছে। এই বিবাহ অনুষ্ঠানত দহগৰাকী দৰা কইনাক বিয়া পাতি দিয়া হয় ৷
শোণিতপুৰৰ ভকতগাঁৱত সমুহীয়া বিবাহ
আৰ্থিক তথা সামাজিক আদি বিভিন্ন কাৰণত বিয়া পাতিবলৈ অসমৰ্থ একাংশ লোকক সামাজিকভাৱে বিবাহ কাৰ্য সম্পাদন কৰি সহায় কৰিলে ভকতগাওঁবাসী ৰাইজে ।
শোণিতপুৰৰ ভকতগাঁৱত সমুহিয়া বিবাহ