তেজপুৰ, ২২ অক্টোবৰ : ভাৰতীয় বায়ু সেনাৰ তেজপুৰ বায়ু সেনা ছাউনীৰ মহিলা কল্যাণ সংস্থাই শোণিতপুৰ জিলা প্ৰশাসনৰ লগত মিলিত হৈ যৌথ ভাৱে শোনিতপুৰ জিলাখনৰ ক'ভিড ৰোগত আক্ৰান্ত হোৱা লোক সকলক খাদ্য সামগ্ৰীৰ বিতৰণ কৰে।
তেজপুৰ চক্ৰ বিষয়াৰ লগতে মহিলা কল্যাণ সংস্থাই দুখীয়া লোকসকলৰ মাজত চাউল, দালি, নিমখ আদি খাদ্য সামগ্ৰীৰ বিতৰণ কৰে। বায়ু সেনাৰ বাহনত কঢ়িয়াই নিয়া এই খাদ্য সামগ্ৰী তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁওৰ লোকক বিশেষকৈ মহামাৰী কৰ'ণা সংক্ৰমণ হোৱা লোকক বিতৰণ কৰে ।