তেজপুৰ, 3 আগষ্ট :মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা । বুধবাৰে পুনৰ বক্সিঙৰ ৰিঙত সোমাব লাভলীনা ৷ বহু প্ৰতীক্ষা অন্ত পেলাই টকিঅ’ অলিম্পিক(Tokyo Olympics)ৰ বক্সিঙৰ 69 কেজিৰ ছেমিফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে(Boxer Lovlina Borgohain) ৷ অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই(Boxer Lovlina Borgohain)ক লৈ গৌৰৱান্বিত সমগ্ৰ অসমবাসী ৷
অসমৰ বাবে অলিম্পিকত ইতিহাস ৰচা লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই বিভিন্ন জনে বিভিন্ন সময়ত বিভিন্ন চিত্ৰ অংকন কৰা পৰিলক্ষিত হৈছে ৷ কোনোবাই যদি দেৱালত, কোনোবাই আকৌ হাতত অংকন কৰিছে লাভলীনাৰ প্ৰতিচ্ছবি ৷ এইবাৰ অসম গৌৰৱ লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই বলুকাত অংকন কৰা হৈছে লাভলীনা বৰগোঁহাইৰ প্ৰতিচ্ছবি ৷
ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিচৰত বলুকা শিল্পী ৰঞ্জন শইকীয়াই লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জনাই বলুকাত অংকন কৰিছে অসম কন্যাগৰাকীৰ প্ৰতিচ্ছবি ৷