অসম

assam

By

Published : Jun 28, 2023, 7:08 PM IST

ETV Bharat / state

Governor Security meet: সুৰক্ষা বাহিনীৰ লগত ৰাজ্যপালৰ ৰুদ্ধদ্বাৰ বৈঠক

শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা আৰু আইন শৃংখলা পৰিস্থিতিৰ বিষয় সন্দৰ্ভত তেজপুৰত সুৰক্ষা বাহিনীৰ লগত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

Governor Security meet in Tezpur
সুৰক্ষা বাহিনীৰ লগত ৰাজ্যপালৰ ৰুদ্ধদ্বাৰ বৈঠক

তেজপুৰ, ২৮ জুন :তেজপুৰত সুৰক্ষা বাহিনীৰ লগত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । ভাৰতীয় সেনা আৰু বিভিন্ন সুৰক্ষা বাহিনীৰ বিষয়াৰ লগতে অসম আৰক্ষীৰ শোণিতপুৰ আৰু বিশ্বনাথৰ আৰক্ষী অধীক্ষকসকলে এই বৈঠকত অংশগ্ৰহণ কৰে ।

সুৰক্ষা বাহিনীৰ লগত ৰাজ্যপালৰ ৰুদ্ধদ্বাৰ বৈঠক

উত্তৰ অসমৰ সুৰক্ষা বাহিনীৰ ঘাটি হিচাবে বিবেচিত তেজপুৰৰ বিভিন্ন সুৰক্ষা বাহিনীৰ ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছ, বায়ুসেনা বাহিনী, অসম ৰাইফলছ, এছ এছ বি, আই টি বি পি , চি আৰ পি এফ , ইন্টেলিজেন্স ব্যুৰ’, সেনাৰ ইন্টেলিজেন্স আৰু ৰিচাৰ্ছ এণ্ড এনালাইটিকেল বিভাগৰ লগত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৰাজ্যপালগৰাকী । এই বৈঠকত ৰাজ্যপাল কাটাৰিয়াই উত্তৰ অসম সংমণ্ডলৰ আৰক্ষী উপ-মহা পৰিদৰ্শক, বিশ্বনাথৰ অতিৰিক্ত আয়ুক্ত আৰু শোণিতপুৰৰ আয়ুক্তৰ উপস্থিতিত অসম অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ বিষয়ে বুজে লয় । শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা আৰু আইন শৃংখলা পৰিস্থিতিৰ বিষয়ে বৈঠকত বিশদভাৱে আলোচনা কৰা হয় ।

সুৰক্ষা বাহিনীৰ লগত ৰাজ্যপালৰ ৰুদ্ধদ্বাৰ বৈঠক
আনহাতে চোৰাংচোৱা সংস্থাসমূহৰ লগত সুৰক্ষা বাহিনীৰ লোকক সমানে কাম কৰি যাবলৈ আহ্বান জনায় ৰাজ্যপালগৰাকীয়ে ।উল্লেখযোগ্য যে, ৰাজ্যপাল কাটাৰিয়াই শোণিতপুৰৰ আয়ুক্তৰ সন্মিলন কক্ষত ইয়াৰ পিচত আন দুখন বৈঠকতো অংশগ্ৰহণ কৰে । জিলাখনৰ বিভিন্ন বিভাগৰ মুঠ ৬০ টা বিভাগৰ মুৰব্বীসকলৰ লগত পৰ্যালোচনা বৈঠকত ভাগ লোৱাৰ পিচত শোণিতপুৰ আৰু বিশ্বনাথৰ জ্যেষ্ঠ নাগৰিক স্বেচ্ছাসেৱী সংগঠনৰ লগতো আন এক বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে ।

উল্লেখনীয় যে তেজপুৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে ভাৰতীয় সেনাৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ভাৰতীয় সেনাৰ জোৱানক চীনা ভাষাৰ পাঠ্যক্ৰম আগবঢ়াই আছে ।
লগতে পঢ়ক:MoU signed in Tezpur university: তেজপুৰ বিশ্ববিদ্যালয়ত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামত এখন আসন সংৰক্ষণ

ABOUT THE AUTHOR

...view details