তেজপুৰ, ২৮ জুন :তেজপুৰত উপস্থিত অসমৰ ৰাজ্যপাল তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়ো । দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰত উপস্থিত হোৱা ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই আজি তেজপুৰ বিশ্ববিদ্যালয়ত বি টি চি ৰ মুৰব্বী প্ৰমোদ বড়োৰ লগত এক বুজাবুজি চুক্তিৰ স্বাক্ষৰ কৰিব । অনুষ্ঠানত উপস্থিত থাকিব বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ শম্ভু নাথ সিং । ইয়াৰ পিছতে ৰাজ্যপালগৰাকীয়ে তেজপুৰত উপায়ুক্তৰ কাৰ্যালয়ত তিনিখনকৈ বৈঠকত অংশগ্ৰহণ কৰি সন্ধিয়া সেনা বাহিনীৰ চতুৰ্থ কৰ্পছ মুখ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি নিশা কটাব ।
উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়ে কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে । কেইদিনমান পূৰ্বে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে হোৱা এক বৈঠকত অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে ৷ কাৰণ তেজপুৰ ভূ-ৰাজনৈতিকভাৱে চীনৰ কাষতে অৱস্থিত আৰু ইয়াত ভাৰতীয় সেনাৰ 4 Corps লগতে প্ৰতিৰক্ষা গৱেষণাগাৰো (Defence Research Laboratory) আছে ৷ বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্ত্ৰালয়ৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে ।