অসম

assam

Paddy Procurement in Assam: শোণিতপুৰত কৃষকৰ পৰা ৩৮ মেট্ৰিক টন ধান ক্ৰয় কৰিব চৰকাৰে

By

Published : Nov 2, 2022, 8:32 PM IST

কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ বাবে ঘোষণা কৰা ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা দৰত অসমৰ বিভিন্ন ধান ক্ৰয় কেন্দ্ৰৰ লগতে শোণিতপুৰ জিলাত ৩৮,৩০০ মেট্ৰিক টন ধান ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে ক্ৰয় কৰিব (Paddy Procurement Centre) ৷

Paddy Procurement in Assam
শোণিতপুৰত কৃষকৰ পৰা ৩৮ মেট্ৰিক টন ধান ক্ৰয় কৰিব চৰকাৰে

তেজপুৰ, 2 নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে (Govt to buy paddy directly from farmers) । ৰাজ্যত প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলা কৃষি বিভাগ, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যৌথ উদ্যোগত তথা শোণিতপুৰ জিলা প্ৰশাসন, APART, FCI আৰু AFCSCL সহযোগত তেজপুৰ মাজগাঁও প্ৰশিক্ষণ কেন্দ্ৰত দিনজোৰা কৰ্মশালাৰ আয়োজন কৰা হয় (Agro workshop in Tezpur)।

কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ বাবে ঘোষণা কৰা ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা দৰত অসমৰ বিভিন্ন ধান ক্ৰয় কেন্দ্ৰৰ লগতে শোণিতপুৰ জিলাত ৩৮,৩০০ মেট্ৰিক টন ধান ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে ক্ৰয় কৰিব (Paddy Procurement Centre) ৷ খাদ্য আৰু অসামৰিক যোগান গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে গেজেঙাগুৰি, বৰছলা আৰু ওঠৰ মাইলত, কৃষি মাৰ্কেটিঙ বোৰ্ডৰ জৰিয়তে ঢেকিয়াজুলিত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে অসম চৰকাৰে কৃষকৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰিব বুলি সদৰি কৰিছে শোণিতপুৰ জিলা কৃষি বিষয়া পংকজ শইকীয়াই ।

চৰকাৰে কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা উক্ত সিদ্ধান্ত বাস্তৱায়িত কৰাৰ বাবে এই বৰ্ষত ৰাজ্যত প্ৰথমবাৰৰ বাবে তেজপুৰত বুধবাৰে এক দিনজোৰা কৰ্মশালাৰ আয়োজন কৰা হয় (Paddy Procurement Centre in Tezpur)।

কৰ্মশালাত এক ডিচেম্বৰ ২০২২ৰ পৰা ২০২৩ ৰ ৩০জুন পৰ্যন্ত ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা ধানৰ ন্যূনতম সমৰ্থন মূল্যত শোণিতপুৰ জিলাত ধান ক্ৰয়ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বৰ বাবে বিতংভাৱে পৰ্যালোচনা কৰা হয় । কৰ্মশালাত AFCSCL ৰ ৰাজ্যিক কাৰ্যবাহী বিষয়া প্ৰফুল্ল কুমাৰ শইকীয়া, কৃষি সঞ্চালকালয়ৰ জ্যেষ্ঠ পৰামৰ্শদাতা দেৱজিৎ নেওগ, FCI ৰ মাণ্ডলিক প্ৰৱন্ধক ৰেড্ডী শেখৰে অংশ গ্ৰহণ কৰে (Paddy Procurement workshop)৷

তাৰোপৰি, যুটীয়া কৃষি সঞ্চালক পবিত্ৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, কৃষি মাৰ্কেটিং বোৰ্ডৰ বিষয়ববীয়াসকল, জিলা পৰিবহণ বিষয়া, শোণিতপুৰ জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা কৃষি বিভাগ, APART ৰ অন্যান্য বিষয়ববীয়াসকল আৰু জিলাখনৰ ধান মিলৰ স্বত্বাধিকাৰ সকলো উপস্থিত থাকে এই অনুষ্ঠানত ।

উল্লেখ্য যে, বিগত বৰ্ষত জিলাখনত চৰকাৰে ৩২,৪৫০ মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে বান্ধি দিয়া লক্ষ্যৰ বিপৰীতে ১৬২৪ গৰাকী কৃষকৰ পৰা ১৫,৯৪৮ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:Assam govt to take loan again: পুনৰ ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে

ABOUT THE AUTHOR

...view details