তেজপুৰ,১৭ জানুৱাৰী:অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা ব্যক্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস অৰ্থাৎ শিল্পী দিৱস । শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ কৰ্মসাধনাৰ স্থলী তেজপুৰৰ পকী, তথা জ্যোতি ভাৰতীত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শিল্পীগৰাকীৰ সমাধিস্থলীত পৰিয়ালৰ লোকে বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে । অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী অৰ্থাৎ ৰূপকোঁৱৰৰ সাধনাৰ স্থলী 'পকী'ত গীতে মাতে মুখৰিত হয় ।
আনহাতে তেজপুৰত আজি দিনজোৰা গীত-মাতৰ কাৰ্যসূচী আয়োজন কৰিছে বিভিন্ন অনুষ্ঠানে । তেজপুৰ সাহিত্য সভা, জ্যোতি ভাৰতী, বাণ থিয়েটাৰ, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়, কলাগুৰু সংগীত মহাবিদ্যালয়, ত্ৰিমূৰ্তি উদ্যান, ৰূপকোঁৱৰৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ আৰু গীত-মাতৰ অনুষ্ঠানৰ আয়োজন কৰাৰ মাজতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ অনুষ্ঠানো কাইলৈ বিয়লি ৪ বজাৰ পৰা তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ।
উল্লেখ্য যে, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই মুখ্য অতিথিৰ লগতে মন্ত্ৰী অশোক সিংহল আৰু পীযুষ হাজৰীকাই সন্মানীয় অতিথিৰ লগতে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বৰছলাৰ বিধায়ক গণেশ লিম্বু আৰু ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে বিশিষ্ট অতিথিৰ লগতে বিশিষ্ট শিক্ষাবিদ, লেখিকা ড৹ স্বাধীনতা মহন্তই নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিবলগা এই অনুষ্ঠানত ৰাজ্যখনৰ যশস্বী কন্ঠশিল্পী মনীষা হাজৰিকাক অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব ।