অসম

assam

ETV Bharat / state

চতিয়া সমষ্টিত চৰকাৰৰ অৱহেলিত এটা অঞ্চল - শ্বহীদ স্মাৰক স্থাপন কৰিছিল

সকলো ক্ষেত্ৰতে অসম উন্নয়নৰ দিশত । এয়া আমাৰ মন্তব্য নহয়, শাসকীয় পক্ষৰ নেতাসকলৰ মন্তব্য । তেওঁলোকে কোৱা উন্নয়নৰ নগ্ন স্বৰূপ পোহৰলৈ আহিছে ইটিভি ভাৰতৰ অনুসন্ধানত । শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ কেইখনমান ছবিয়ে আপোনাকো চিন্তিত কৰি তুলিব । আপুনিও ভাবিবলৈ বাধ্য হ'ব প্ৰকৃতে উন্নয়নৰ পথত কিমান অগ্ৰসৰ হৈছে অসম !

চতিয়া সমষ্টিত চৰকাৰৰ অৱহেলিত এটা অঞ্চল
চতিয়া সমষ্টিত চৰকাৰৰ অৱহেলিত এটা অঞ্চল

By

Published : Aug 27, 2021, 8:26 PM IST

তেজপুৰ, ২৭ আগষ্ট : দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পাছতো সলনি নহ'ল অসমৰ বহু ঠাইৰ স্বাস্থ্যকেন্দ্ৰৰ পৰিৱেশ । প্ৰতিখন চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ কথা কৈ আহিছে যদিও এনে বহু অঞ্চল আছে য'ত প্ৰাথমিক চিকিৎসাৰ বাবেও হাহাকাৰ কৰিব লগীয়া হৈছে ৰাইজে । শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিত আছে এনে এখন উপ স্বাস্থ্য কেন্দ্ৰ যাৰ দৃশ্য দেখিলে আপুনিও আচৰিত হ'ব ।

সম্প্ৰতি চৰকাৰ তথা স্বাস্থ্য বিভাগৰ অৱহেলাৰ বাবে জহি-খহি নি:শেষ হোৱাৰ পথত উপ স্বাস্থ্য কেন্দ্ৰটো । প্ৰায় ১ লাখ লোকৰ তাৎক্ষণিক চিকিৎসাৰ একমাত্ৰ ভৰষা চেঙামাৰীৰ উপ স্বাস্থ্য কেন্দ্ৰটোৰ (Chengamari Sub Health Centre) এতিয়া অচলা অৱস্থা । সম্প্ৰতি ইয়াত নাই এগৰাকীও চিকিৎসক ।

চতিয়া সমষ্টিত চৰকাৰৰ অৱহেলিত এটা অঞ্চল

এগৰাকী নাৰ্চ, ১০ গৰাকী আশা কৰ্মীৰ লগতে মাত্ৰ এগৰাকী কম্পাউণ্ডাৰেৰে চলিছে উপ স্বাস্থ্য কেন্দ্ৰটো । সম্প্ৰতি স্বাস্থ্যসন্মত হৈ থকা নাই কেন্দ্ৰটো । এজাক বৰষুণ দিলেই ভিতৰত বৰষুণৰ পানী প্ৰৱেশ কৰে ।

জানিব পৰা মতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা ২ ছেপ্টেম্বৰত বালিজুৰিত ১০ খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব । কিন্তু তাৰ পৰা মাত্ৰ ৬ কিলোমিটাৰ দূৰত্বত চেঙামাৰীত থকা এই স্বাস্থ্য কেন্দ্ৰটো পুন:নিৰ্মাণৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে । অঞ্চলটোৰ চেঙামাৰীৰ পৰা বৰপাম তিনিআলি লৈ যোৱা পথতো বিগত সময়চোৱাত জৰাজীৰ্ণ অৱস্থাত আছিল যদিও বৰ্তমান উক্ত পথেৰে মুখ্যমন্ত্ৰী অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰাত এতিয়া লোক নিৰ্মাণ বিভাগে (Pwd) পথটো মেৰামতি কৰাত উঠি পৰি লাগিছে ।

ইফালে স্বাস্থ্য কেন্দ্ৰটোৰ সমীপতে আমবাৰীত ১৯৮৫ চনত অগপ দলৰ চৰকাৰৰ দিনতে পশু চিকিৎসা কেন্দ্ৰ (Veterinary Centre) এটা স্থাপন কৰা হৈছিল । এতিয়া সেই কেন্দ্ৰটোৰো কোনো পৰিচয় নাই, আছে মাথো হাবি জংঘলৰে আৱৰি থকা উৱলি যোৱা ঘৰ কেইটা । ১৯৮৫ চনত অগপ দলৰ চৰকাৰ গঠনৰ দিনা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই (Prafulla Kumar Mahanta) এই অঞ্চল লৈ আহিছিল কাৰণ অগপৰ হৰ্ষোল্লাস বিজয়ী সমদলত এগৰাকী কংগ্ৰেছ নেতাৰ বন্দুকৰ গুলিত সেই অঞ্চলৰ মঙলা দাস নামৰ এজন লোক নিহত হৈছিল ।

তেওঁক শ্বহীদ ঘোষণা কৰি তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আমবাৰীত ৰাজহুৱা অন্তেষ্টিক্ৰিয়াত ভাগ লৈছিল । লগতে এটা শ্বহীদ স্মাৰক স্থাপন কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত এই ঠাইখিনিও সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে । সেয়েহে এই সমস্যাসমূহ সমাধানৰ বাবে সেই অঞ্চলটোৰ ৰাইজে এতিয়া চৰকাৰৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক :এবছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

ABOUT THE AUTHOR

...view details